ডিজিটেল ডেস্কঃ এহাল ভাতৃ-ভগ্নী। পিত-মাতৃৰ মৰমৰ পৰা বঞ্চিত। স্থায়ী ঠিকনা আশ্ৰয় গৃহ। অনাথ এই ভাতৃ-ভগ্নীহালেই এইবাৰ মন জয় কৰিবলৈ সমৰ্থ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। কোটাৰ বাসিন্দা ১৭ বছৰীয়া সুৰজ আৰু ৯ বছৰীয়া ছলোনিয়ে তেওঁলোকৰ পৈতৃক গৃহৰ পৰা বিচাৰি আনি চৰকাৰক গতাই দিয়ে প্ৰায় ১ লাখ টকাৰ বাতিলকৃত ৫০০ আৰু ১০০০ টকীয়া নোট।
৪ বছৰ পূৰ্বে পিতৃৰ বিয়োগ ঘটিছিল সুৰজ আৰু ছলোনিৰ। তাৰ কেবা বছৰ পূৰ্বে মৃত্যু হৈছিল তেওঁলোকৰ পিতৃৰ। ফলত অনাধ ভাতৃ-ভগ্নীৰ ঠিকনা হৈ পৰে কোটা শিশু কল্যাণ সমিতিৰ আশ্ৰয় গৃহ। যোৱা মাৰ্চ মাহত তাৰ পৰা তেওঁলোকক লৈ যোৱা হয় নিজ গৃহলৈ।