অৰুণাচলঃ অৰুণাচল প্ৰদেশৰ অভিৱৰ্তন গৃহৰ মুকলি কৰাৰ বাবে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰুণাচলত উপস্থিত হয়৷ ১১.৫৪ বজাত অৰুণাচলৰ ৰাজধানী ইটানগৰত মোডীয়ে কানেকচন চেন্টাৰৰ মুকলি কৰি এইটো অৰুণাচলৰ জীৱন্ত কেন্দ্ৰ বুলি কয়৷ ৰাজ্যখনৰ ৰাইজৰ আকাংক্ষা পূৰণ কৰিব বুলি কয় মোডীয়ে৷
যিখন অৰুণাচলত সূৰ্যৰ প্ৰথম পোহৰ পৰে ইয়াত আহি থকা দিনত উন্নয়ন এনেদৰে হ’ব যাক সমগ্ৰ দেশেই চাই থাকিব লাগিব৷ মই সকলোকে কম ইয়ালৈ আহক আৰু ইয়াত সভা অনুষ্ঠিত কৰক৷ মোক এই কথাই সূখি কৰে যে কেন্দ্ৰীয় মন্ত্ৰী-আমোলাই সঘনাই উত্তৰ পূৰ্বাঞ্চললৈ আহে৷ স্বাস্থ্য সেৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি স্বাস্থ্য খণ্ডত ভাল কাম কৰি থকা বুলি কৈ দেশত নতুন মেডিকেল কলেজ নিৰ্মাণ কৰাৰ বাবে চিন্তা কৰি থকা বুলি কয় মোডীয়ে৷