নতুন দিল্লীঃ মনৰ কথা নহয়, কামৰ কথাহে ক’লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আজি ত্ৰয়োদশতম মন কী বাতত মোডীয়ে সমগ্ৰ দেশবাসীক কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ কেতবোৰ ‘কাম কী বাত’ৰ পৰামৰ্শ আগবঢ়ায়৷
তদুপৰি ২৬ মাৰ্চত বাংলাদেশৰ স্বাধীনতা দিৱস উপলক্ষে শুভকামনা জনোৱাৰ লগতে স্বহীদ ভগত সিংহ, সুখদেৱ আৰু ৰাজগুৰুকো স্মৰণ কৰে৷ প্ৰদূষণ নিয়ন্ত্ৰণ, লেনদেনত ডিজিটেল মাধ্যমৰ ব্যৱহাৰ, পৰিস্কাৰ-পৰিচ্ছনতা আদি বিভিন্ন বিষয়ৰ ওপৰত মনৰ কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷