নতুন দিল্লীঃ মনৰ কথা নহয়, কামৰ কথাহে ক’লে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ আজি ত্ৰয়োদশতম মন কী বাতত মোডীয়ে সমগ্ৰ দেশবাসীক কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ কেতবোৰ ‘কাম কী বাত’ৰ পৰামৰ্শ আগবঢ়ায়৷

তদুপৰি ২৬ মাৰ্চত বাংলাদেশৰ স্বাধীনতা দিৱস উপলক্ষে শুভকামনা জনোৱাৰ লগতে স্বহীদ ভগত সিংহ, সুখদেৱ আৰু ৰাজগুৰুকো স্মৰণ কৰে৷ প্ৰদূষণ নিয়ন্ত্ৰণ, লেনদেনত ডিজিটেল মাধ্যমৰ ব্যৱহাৰ, পৰিস্কাৰ-পৰিচ্ছনতা আদি বিভিন্ন বিষয়ৰ ওপৰত মনৰ কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

থোৰতে মোদীৰ মন কী বাতঃ 

  • খাদ্য অপচয় নকৰিবলৈ দেশবাসীক আহ্বান৷ 
  • হতাশা দুৰ কৰিবলৈ যোগৰ পৰামৰ্শ৷ 
  • ক’লাধন আৰু দুৰ্নীতি ৰুধিবলৈ ডিজিটেল পেমেন্টৰ আহ্বান৷
  • সপ্তাহত এদিন পেট্ৰল ডিজেল ব্যৱহাৰ নকৰিবলৈ দেশবাসীক আহ্বান৷ 
  • স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ৷ 
  • নতুন ভাৰত গঢ়াৰ বাবে পণ। 
  • ১২৫ কোটি লোকে ভীম এপ ব্যৱহাৰ কৰাৰ কথা প্ৰকাশ৷ 
  • সৰ্বজনৰ কল্যাণেই মুল মন্ত্ৰ বুলি উল্লেখ৷