newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশবাসীৰ সৈতে বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কী বাত’ৰ এয়া ৪৫তম খণ্ড আছিল৷ ‘মন কী বাত’ৰ জৰিয়তে মোডীয়ে ভাৰত আৰু আফগানিস্তানৰ মাজত হোৱা ঐতিহাসিক ক্ৰিকেট টেষ্ট মেচখনৰ কথা সোঁৱৰি ভাৰতীয় ক্ৰিকেট দলৰ খেল শৈলীৰ প্ৰশংসা কৰে৷

মোডীয়ে কয়, বাংগালুৰুত অনুষ্ঠিত হোৱা ভাৰত-আফগানিস্তানৰ মাজৰ টেষ্ট মেচ খনত আফগানিস্তানৰ ষ্টাৰ বলাৰ ৰাচিদ খানৰ খেল যথেষ্ট সুন্দৰ আছিল৷ এই মেচখন সদায় স্মৰণীয় হৈ থাকিব৷ এই মেচখন মোৰ মনত থকাৰ কাৰণ হৈছে সিদিনা ভাৰতীয় দলে খেলৰ বিজয়ী বঁটা গ্ৰহণৰ সময়ত আফগানিস্তন দলকো আমন্ত্ৰণ জনায় আৰু দুয়োটা দলে একেলগে ফটো লয়৷

ইয়াৰ দ্বাৰা সমাজখনত একত্ৰিত কৰি ৰখাত যুৱক সকলৰ ভূমিকাৰ বিষয়ে মন্তব্য কৰে মোডীয়ে৷ মোডীয়ে কয়, যুৱক সকলৰ মাজত যি প্ৰতিভা আছে, সেয়া বিচাৰি উলিওৱা প্ৰয়োজন৷ ভাৰত আৰু আফগানিস্তানৰ খেলুৱৈ সকলে সেই প্ৰতিভা বিকশিত কৰি সমাজৰ বাবে দায়িত্ব পালন কৰিছে৷ আফগানিস্তান আৰু ভাৰতীয় খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে মোডীয়ে৷

ইফালে, যোগ সাধনাৰ বিষয়েও মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে৷ ২১ জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰাৰ পিছত দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে মোডীয়ে কয় যে, যোগে সকলো সীমাৰ দেৱাল ভাঙি মনৰ সংযোগ কৰে৷ বিশ্বৰ অনেক দেশত কোটি কোটি লোকে জাতি, ধৰ্ম, ক্ষেত্ৰ, ৰং অথৱা লিংগ নিৰ্বিশেষে যোগ সাধনাৰ দ্বাৰা সংযুক্ত হ’ব পাৰিছে বুলি কয় মোডীয়ে৷

মোডীয়ে কয়, ‘যেতিয়া আমাৰ দেশৰ নৌ, বায়ু, স্থল সেনাসকলে যোগ সাধন কৰা দেশৰ কোটি কোটি জনতাই প্ৰত্যক্ষ কৰে, তেতিয়া গৌৰৱ অনুভৱ কৰে৷ ঘন জংঘলৰ পৰা বৰফাবৃত্ত পৰ্বতলৈ সকলোতে ভাৰতীয়ে জোৱানে যোগ অভ্যাস কৰে৷

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘আমি মাতৃক ভগৱান হিচাপে পুজা কৰোঁ৷ কাৰণ মাতৃয়ে আমাক জন্ম দিয়ে৷ বহু ক্ষেত্ৰত ডাক্তৰ সকলো ভগৱানৰ ৰূপ হৈ পৰে৷ ডাক্তৰৰ দায়িত্ব কেৱল ৰোগৰ চিকিৎসাতেই সীমিত নহয়৷’

বিজেপিৰ সংস্থাপক সদস্য সকলৰ অন্যতম এজন ডা০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বিষয়ে উল্লেখ কৰি মোডীয়ে কয়, ‘তেওঁৰ ভিতৰত যি মহত্বপূৰ্ণ বৈশিষ্ট আছিল, সেয়া হৈছে তেওঁ ভাৰতৰ অখণ্ডতা আৰু একতাৰ হকে কৰা প্ৰচেষ্টা৷ আমি তেওঁৰ কৰ্মৰাজি সদায় মনত ৰখা উচিত৷ ভাতৃত্ববোধ আৰু শান্তিৰ এনাজৰীডাল বৰ্তাই ৰাখিবলৈ আমি প্ৰয়াস কৰা উচিত৷’

মোডীয়ে কয়, ‘ভাৰতৰ এক সমৃদ্ধশালী ইতিহাস আছে৷ হয়তো এনে এটা মাহ পাৰ হোৱা নাই, যিটো মাহত কোনো ঐতিহাসিক ঘটনা সংঘটিত হোৱা নাই৷ ভাৰতৰ প্ৰত্যেক ঠাইৰে একোটা নিজা স্থিতি আছে৷ সেই ঠাইসমূহত জন্ম হোৱা সন্ত, মহাপুৰুষ, সন্যাসী সকলে নিজা নিজা কৃষ্টি সংস্কৃতিত যোগদান আগবঢ়াই থৈ গৈছে৷

ইফালে, চৰকাৰে লাগু কৰা জিএছটি সন্দৰ্ভত মন্তব্য কৰে মোডীয়ে৷ তেওঁ কয়, জিএছটি হৈছে সত্যনিষ্ঠতাৰ জয়৷ ই সত্যনিষ্ঠ সকলৰ বাবে এক উৎসৱো৷ পূৰ্বে দেশত কৰ কেন্দ্ৰীক বিভিন্ন অভিযোগ উত্থাপিত হৈছিল৷ এতিয়া জিএছটিৰ ফলত ৰিটাৰ্ণৰ পৰা ৰিফাণ্ডলৈ সকলো অনলাইন টেকনল’জিৰ মাধ্যমেৰে কৰিব পাৰি৷

প্ৰধানমন্ত্ৰী মোডীয়ে মন কী বাত অনুষ্ঠানত অহিংসাক সমৰ্থন জনাই কয়, ‘হিংসা আৰু ক্ৰুৰতাই কেতিয়াও সমস্যাৰ সমাধান কৰিব নোৱাৰে৷ সদায় অহিংসা আৰু শান্তিয়েহে বিজয় লাভ কৰিবলৈ সক্ষম হয়৷’

উল্লেখ্য যে, ‘মন কী বাত’ আকাশবাণী কেন্দ্ৰ যোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক মাহেকীয়া অনুষ্ঠান৷ যাৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে দেশৰ নাগৰিক সকলক সম্বোধন কৰি নিজৰ মন্তব্য প্ৰদান কৰে৷ এই অনুষ্ঠানৰ প্ৰথম প্ৰচাৰণ কৰা হৈছিল ২০১৪ চনৰ ৩ অক্টোবৰত৷ ২০১৫ চনৰ জানুৱাৰীত আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি বাৰাক অবামাইও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ‘মন কী বাত’ত অংশ লৈছিল৷