Printer-friendly version

 

বিশ্বৰ অন্যতম প্রভাৱশালী নেতা, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৱ মোডীৰ আজি ৬৯ বছৰীয়া জন্ম দিৱস৷ ১৯৫০চনৰ ১৭ ছেপ্তেম্বৰত গুজৰাটৰ ভাদনগৰত জন্মগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে৷ 

 

জন্মদিন উপলক্ষে গুজৰাটৰ গান্ধীনগৰত মাতৃ হীৰাবেন মোডীৰ আৱাসগৃহত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকী৷  মাতৃৰ সৈতে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰি দীৰ্ঘ সময় মাতৃৰ সৈতে কটাই জন্মদিনটোত অনাগত দিনৰ কুশল কামনাৰে মাতৃ হীৰাবেন মোডীৰ শুভাশীষ লয় নৰেন্দ্ৰ মোডীয়ে। ইয়াৰ পাছতেই গান্ধীনগৰৰ পৰা নৰ্মদা জিলালৈ গৈ ষ্টেচ্যু অৱ ইউনিটী আৰু চৰদাৰ সৰোবৰ বান্ধৰ প্ৰস্তুতিৰ বুজ লয়।

 

ইয়াৰ পিছত তেওঁ দত্তাত্ৰেয় মন্দিৰলৈ যায় আৰু এখন গাঁৱত সভা সম্বোধন কৰাৰ লগতে ‘নমামি নৰ্মদে মহোৎসৱ’ৰ আৰম্ভণিও কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে তেওঁৰ সামাজিক কাৰ্যৰ সৈতে জৰিত কেইবাখনো প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে। কেবাখনো স্কুলত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তেওঁৰ গৃহজিলা ভাদনগৰত বাইক ৰেলীৰো আয়োজন কৰা হৈছে।

 

মোদীৰ জন্মদিন উপলক্ষে বিজেপিৰ ‘সেৱা সপ্তাহ’

 

প্ৰধানমন্ত্ৰী মোডীয়ে তেখেতৰ জন্মদিন কেক কাটি পালন কৰাৰ পৰিৱৰ্তে ৰাইজৰ সেৱা কৰিবলৈ আহ্বান জনোৱাত বিজেপি দলে ১৪ ছেপ্টেম্বৰৰ পৰা ২০ছেপ্টেম্বৰলৈকে পালন কৰিছে ‘সেৱা সপ্তাহ’। এই ‘সেৱা সপ্তাহ’ত বিজেপিৰ কৰ্মীসকলে বহু সমাজ কল্যাণমূলক কাৰ্যসূচী গ্ৰহণৰ পৰিকল্পনা কৰিছে আৰু কৰ্মক্ষেত্ৰতো প্ৰয়োগ কৰিছে৷ এই কাৰ্যসূচীত ৰক্তদান, প্লাষ্টিক বৰ্জন, পানী সংৰক্ষণ, বৃক্ষৰোপণ, ফল বিতৰণ, স্বচ্ছ অভিযান কাৰ্যসূচী, দিব্যাঙ্গ লোকসকলক একো একোজন বিশেষজ্ঞ চিকিৎসকৰ লগত সম্পৰ্ক কৰি দিয়াৰ উপৰি বিভিন্ন বৃদ্ধাশ্ৰম আৰু হস্পিতালসমূহত দুখীয়া ৰোগী সকলৰ শুশ্ৰূষাৰ কিছু ব্যৱস্থা কৰাৰ বাবে বিজেপিয়ে ৭ দিনীয়া এক বিশাল কাৰ্য্যসূচী হাতত লৈছে৷ প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিনটোত বিভিন্ন প্ৰকাৰৰ সেৱাৰ জৰিয়তে জনসাধাৰণৰ ওচৰত যাতে নিজক উচৰ্গা কৰিব পাৰে এই উদ্দেশ্য সৰোগত কৰিয়েই এই ‘সেৱা সপ্তাহ’ পালন কৰা হৈছে৷

 

মোডীৰ জন্মদিনত সোণৰ মুকুট দান

 

প্ৰধানমন্ত্ৰীৰ এগৰাকী অনুৰাগীয়ে সোণৰ মুকুট দান কৰি মোডীৰ জন্মদিনটো পালন কৰিলে ব্যতিক্ৰমভাৱে। অৰবিন্দ সিং নামৰ প্ৰধানমন্ত্ৰী মোডীৰ অনুৰাগীজনে বিজেপিয়ে দ্বিতীয়বাৰ শাসনলৈ আহিলে মন্দিৰত সোণ দান কৰাৰ মানস কৰিছিল। সেই অনুসৰি বিজেপিয়ে পুনৰ এবাৰ জয়লাভ কৰাত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনটোতেই তেওঁ বাৰানসীৰ সংকটমোচক হনুমান মন্দিৰত ১.২৫ কেজি ওজনৰ সোণৰ মুকুট দান কৰি মানস পূৰণ কৰে। ‘‘মোডীজীয়ে যিদৰে দেশ পৰিচালনা কৰিছে, সেয়া বিগত ৭৫ বছৰত সম্ভৱ হোৱা নাছিল। মোৰ বিশ্বাস ইয়াৰ ফলত দেশৰ ভৱিষ্যত সোণৰ দৰে উজ্বল হৈ পৰিব। সেই কাৰণেই মই সোণৰ মুকুট দান কৰাৰ মানস কৰিছিলো।’’-সোণৰ মুকুট দান কৰি এইদৰে মন্তব্য কৰে অৰবিন্দ সিঙে।

 

‘মন বৈৰাগী’ৰ পষ্টাৰ মুকলি

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনৰ আধাৰত নিৰ্মাণ হ’ব এখন নতুন ছবি। ‘মন বৈৰাগী’ নামৰ এই ১ ঘণ্টা দৈৰ্ঘ্যৰ ছবিখনৰ প্ৰযোজনা সঞ্চয় লীলা ভাঞ্চালী আৰু মহাবীৰ জৈনৰ৷ ছবিখনৰ সন্দৰ্ভত ভাঞ্চালীয়ে কয়, ‘‘এই ছবিৰ কাহিনী শুনিলেই বুজা যায় যে কিমান গৱেষণাৰ অন্তত এয়া লিখি উলিওৱা হৈছে। আমাৰ প্ৰধানমন্ত্ৰীৰ যৌৱনৰ যি ঘটনাই তেওঁৰ জীৱন সলনি কৰি পেলাইছিল, সিয়ে আমাকো অনুপ্ৰাণিত কৰিব। এই নজনা কথাবোৰ মানুহে জনা উচিত।’’


‘মন বৈৰাগী’ৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰিব বলিউডৰ প্ৰতিষ্ঠিত পৰিচালক সঞ্জয় ত্ৰিপাঠীয়ে। মোডীৰ জন্মদিনৰ দিনাই ছবিখনৰ প্ৰথম পোষ্টাৰ ডিজিটেল প্লেটফৰ্মত মুকলি কৰা হয়। ছবিখনৰ প্ৰথম পোষ্টাৰ উন্মোচন কৰে ‘বাহুবলী’খ্যাত অভিনেতা প্ৰভাসে। ইনষ্টাগ্ৰামত  ‘মন বৈৰাগী’ৰ পষ্টাৰ মুকলি কৰি প্ৰভাসে লিখিছে- ‘‘A special film on a special person by a special filmmaker on this special day. Happy Birthday Narendra Modi Sir.’

 

মোডীক শুভকামনা উপ-ৰাষ্ট্ৰপতিৰ পৰা বংগৰ দিদিলৈকে

 

প্ৰধানমন্ত্ৰী মোডীক জন্মদিনৰ শুভকামনাৰে উপচাই পেলাইছে শাসক-বিৰোধী উভয় পক্ষৰে দ্বিগজ নেতাসকলে। উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ অধ্যক্ষ তথা গৃহমন্ত্ৰী অমিত শ্বাহ, বিৰোধী কংগ্ৰেছৰ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, লোকসভাৰ অধ্যক্ষ তথা বিজেপিৰ সাংসদ ওম বিৰলাকে ধৰি দেশৰ অন্যান্য নেতাই প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠাইছে এনেদৰে...

 

এম ভেংকায়া নাইডুঃ আপোনাৰ সবল নেতৃত্বত দেশ ক্ৰমান্বয়ে প্ৰগতিৰ পথেৰে আগুৱাইছে। শুভ জন্মদিন। 

 

অমিত শ্বাহঃ আপোনাৰ নেতৃত্বতে ভাৰতে উন্নতিৰ জখলাত বগাই বিশ্বৰ ভিতৰতে এক মজবুত, সুৰক্ষিত আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে পৰিচয় দিব পাৰিছে। ঈশ্বৰৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা জনাইছো। 

 

ৰাজনাথ সিংঃ প্ৰধানমন্ত্ৰীৰ দুৰদৰ্শী নেতৃত্বতে ভাৰতে আজি প্ৰগতিৰ উচ্চ শিখৰলৈ আগুৱাবলৈ সক্ষম হৈছে। মই তেওঁৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু জীৱনৰ কামনা কৰিলো।

 

ছোনিয়া গান্ধীঃ প্ৰধানমন্ত্ৰীৰ জন্মদিনত মোৰ ফালৰ পৰা অলেখ শুভকামনা থাকিল। তেওঁ দীৰ্ঘায়ু লাভ কৰক লগতে তেওঁৰ সুস্বাস্থ্য আৰু সুখ, সমৃদ্ধিৰ কামনা কৰিলো।

 

ৰাহুল গান্ধীঃ নৰেন্দ্ৰ মোডীৰ ৬৯ বৰ্ষীয় জন্মদিনত মোৰ অন্তহীন শুভেচ্ছা। ভগৱানে সদায় তেওঁক সুস্বাস্থ্য আৰু সুখী জীৱন প্ৰদান কৰক। 

 

অৰবিন্দ কেজৰিৱালঃ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনত অলেখ শুভকামনা। মই তেওঁৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে স্বাস্থ্য ভালে থকাতো কামনা কৰিলো।

 

নীতিশ কুমাৰঃ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ জন্মদিনৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলো। ভগৱানে আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক।

 

মমতা বেনাৰ্জীঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীজী লৈ জন্মদিনৰ শুভেচ্ছা।

 

ওম বিৰলাঃ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীলৈ জন্মদিনৰ অন্তহীন শুভকামনা। আপোনাৰ বিচক্ষণ নেতৃত্বতে দেশ নতুন কৃতিত্বৰে উজ্বলি উঠি প্ৰগতিৰ পথেৰে অগ্ৰসৰ হ’ব এই কামনাৰে পুনৰ আপোনালৈ মোৰ মংগল প্ৰাৰ্থনা।