newsnestone.com | ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল’বলৈ দেওবাৰে অখিল ভাৰতীয় আয়ুৰ্বেদ সংস্থা (এইমছ)ত উপস্থিত হয়৷

এইমছৰ এক সুত্ৰই জানিবলৈ দিয়া মতে, নিশা প্ৰায় ৯ বজাত মোডী হস্পিতালত উপস্থিত হয় আৰু প্ৰায় ২০ মিনিট সময় তেওঁ তাতেই কটায়৷

 
ইফালে জানিব পৰা মতে, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আৱাস সাত কল্যান মাৰ্গৰ পৰা এইমছলৈ ট্ৰাফিক নিয়ম পালন কৰি সাধাৰণ লোকৰ দৰেই আহে৷ তেওঁ বিনা প্ৰট’কলেই এইমছত উপস্থিত হয়৷ যাৰ বাবে এইমছ প্ৰশাসনেও মোডীৰ আগমণৰ বিষয়ে পূৰ্বে জানিব পৰা নাছিল৷

বাজপেয়ীৰ স্বাস্থ্যৰ স্থিতি সম্পৰ্কে হস্পিতালৰ ফালৰ পৰা কোনো শেহতীয়া খবৰ জাৰি কৰা নাই৷ বিগত সপ্তাহত বাজপেয়ীৰ স্বাস্থ্যত কিছু পৰিমাণে উন্নতি হৈছে বুলি হস্পিতাল কৰ্তৃপক্ষই প্ৰকাশ কৰিছিল৷ জানিব পৰা মতে, এতিয়াও বাজপেয়ীক কাৰ্ডিঅ’ থোৰাচিক চেন্টাৰৰ গুৰুত্বপূৰ্ণ চিকিৎসা কক্ষত ৰাখি চিকিৎসা কৰি থকা হৈছে৷

উল্লেখ্য যে, কিডনী সংক্ৰমণ, বুকুৰ বিষ আৰু পেচাব কম হোৱা বাবে যোৱা ১১ জনত ৯৩ বৰ্ষীয় বাজপেয়ীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷