নতুন দিল্লীঃ বৃদ্ধি হ’ব পাৰে লকডাউনৰ সময়সীমা। প্ৰায় প্ৰতিটো দলৰ শীৰ্ষ নেতাসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এক বৈঠকৰ অন্তত বুধবাৰে এনে এক সম্ভাৱনাৰ ইংগিত প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই ভিডিঅ’ বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব বুলিও সদৰী কৰে।
কৰ’না ভাইৰাছক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ পিছত সময়বোৰ আগৰ দৰে হৈ নাথাকিব বুলিও মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, 'আমি সামাজিক, ব্যক্তিগত আৰু চাৰিত্ৰিক আদি বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন দেখিবলৈ পাম। হয়তো এনে পৰিপ্ৰেক্ষিতত প্ৰাক-কৰ’না আৰু উত্তৰ কৰ’না ধৰণৰ সময়ৰ ধাৰণাও সৃষ্টি হ’ব পাৰে।’
'চৰকাৰৰ প্ৰথম আৰু প্ৰাথমিক দায়িত্ব হৈছে প্ৰতিজন লোকৰে জীৱনক সুৰক্ষা দিয়া। দেশত বৰ্তমান সামাজিক জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে। সেয়ে কঠোৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু ইয়াৰ বাবে আমি সকলোৱে সাজু হৈ থাকিব লাগিব।’-প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
উল্লেখ্য যে যোৱা ২৪ মাৰ্চৰ নিশা ৮ বজাত ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ অন্ত পৰিব অহা ১৪ এপ্ৰিলত। কিন্তু কৰ’না মহামাৰীক বাধা দিয়াতো তেতিয়ালৈকে সম্পূৰ্ণৰূপে সম্ভৱ হৈ নুঠালৈ চাই লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি কৰিব নে নকৰিব সেই সিদ্ধান্ত এইটো সপ্তাহৰ ভিতৰতে গ্ৰহণ কৰিব বুলি জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ বাবে আজি ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত কৰা সৰ্বদলীয় বৈঠকৰ অন্তত পুনৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতেও শীঘ্ৰেই আন এক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
ইফালে কৰ’না সংকটৰ কোনো সমাধান নোহোৱাত লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি কৰিবলৈ কেন্দ্ৰ চৰকাৰক পৰামৰ্শ আগবঢ়াইছে কেবাগৰাকী বিশেষজ্ঞৰ লগতে কৰ’নাৰ ফলত বেয়াকৈ প্ৰভাৱিত হোৱা ৰাজ্যসমূহৰ চৰকাৰে। মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এটা গোটেও শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান আদি আৰু কেইসপ্তাহমানলৈ বন্ধ কৰি ৰাখিবলৈ আহ্বান জনাইছে।
ইয়াৰ বিপৰীতে, লকডাউনৰ সময়ছোৱাত অসংগঠিত খণ্ডত কৰ্মৰত লোকসকল তথা কৃষক আৰু দিন হাজিৰা কৰা শ্ৰমিকসকলৰ অৱস্থা দিনক দিনে পানী হাঁহ নচৰা অৱস্থাৰ দৰে হৈ পৰাত চৰকাৰে ঘোষণা কৰা বিভিন্ন সাহায্যৰ লগতে আৰু কি ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় সেই বিষয়েও চিন্তা-চৰ্চা অব্যাহত ৰাখিছে চৰকাৰে। কৰ’নাৰ পৰৱৰ্তী সময়ত দেখা দিবলগীয়া অৰ্থনৈতিক সংকট, নিবনুৱা সমস্যা আদিৰ সৈতেও চৰকাৰে কিধৰণে মোকাবিলা কৰে সেই লৈ ভিন্ন মহলত দেখা গৈছে একাধিক চৰ্চা।
আজিৰ এই ভিডিঅ’ বৈঠকত অংশগ্ৰহণ কৰা শীৰ্ষ নেতাসকলৰ ভিতৰত অন্যতম আছিল কংগ্ৰেছৰ গোলাম নবী আজাদ, তৃণমূল কংগ্ৰেছৰ সুদীপ বেনাৰ্জী আৰু শিৱসেনাৰ সঞ্জয় ৰাউত। এই বৈঠকৰ পূৰ্বে যোৱা সপ্তাহত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটি, প্ৰণৱ মুখাৰ্জী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনোমহন সিং, এইছডি দেৱেগৌড়া আৰু কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে আদি কৰি কেবাগৰাকী বিৰোধী নেতাৰ সৈতে ফোনযোগে কৰ’না সংকট সন্দৰ্ভত পৰামৰ্শ বিচাৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।