54
নতুন দিল্লীঃ কৰ’না ভাইৰাছক লৈ উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আজি পুনৰবাৰ দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে নিশা ৮ বজাত কৰ’না প্ৰসংগক লৈ আৰু এক ভাষণ প্ৰদান কৰাৰ কথা টুইটযোগে সদৰী কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
পুৱাৰ ভাগত টুইটযোগে মোদীয়ে জনাইছে, ‘সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা COVID-19 সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আজি নিশা ৮ বজাত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিম।’