ডিজিটেল ডেস্কঃ টুইটযোগে দেশবাসীক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পিছত এয়া হৈছে মোদী চৰকাৰৰ প্ৰথমটো ১ জানুৱাৰী। প্ৰথমটো কাৰ্যকালৰ অন্তত যোৱা বছৰ দ্বিতীয়টো কাৰ্যকালৰ বাবেও দেশবাসীয়ে বিপুল ভোটত জয়ী কৰাইছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি তথা এনডিএক। 

বিজেপিৰ উৎসস্বৰূপ সংগঠন আৰএছএছে আদৰ্শগতভাৱে ইংৰাজী নৱবৰ্ষ পালনৰ বিৰোধিতা কৰি অহাৰ সময়তে দ্বিতীয় কাৰ্যকালৰ প্ৰথমটো ১ জানুৱাৰীৰ পুৱাই টুইট কৰি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে টুইটটোত তেওঁ লিখিছে, '২০২০ ভালদৰে পাৰ হওক। বছৰটো আনন্দ আৰু উন্নতিৰে ভৰি পৰক। সকলোৱে সুস্থ থাকক, সকলোৰে ইচ্ছা পূৰণ হওক।’ 

উল্লেখ্য যে, ৩১ ডিচেম্বৰৰ সন্ধিয়াও এটি টুইট কৰিছিল মোদীয়ে। উক্ত টুইটটোত প্ৰধানমন্ত্ৰীগৰাকীয়ে তুলি ধৰিছিল ২০১৯ বৰ্ষৰ প্ৰাপ্তিৰ খতিয়ান। লগতে নতুন বছৰটোত কি কি আশা ৰৈছে সেয়াও জনাইছিল তেওঁ। এটি মন্তাজ পোষ্ট কৰি তেওঁ লিখিছিল, 'অপূৰ্ব সংমিশ্ৰণ। ২০১৯ চনত আমি যি উন্নতি লাভ কৰিলো তাৰ অধিকাংশই ইয়াত প্ৰতিফলিত হৈছে। ২০২০ চনতো সকলোৰে শক্তি বৃদ্ধি কৰি ট্ৰেন্সফৰ্ম ইণ্ডিয়া গঢি তোলা আৰু ১৩০ কোটি ভাৰতীয়ক অধিক ক্ষমতাশালী কৰাৰ আশা আছে।’

মন্তাজটোৰ আৰম্ভণিতে দেখা গৈছে সমুদ্ৰৰ পাৰলৈ দৌৰি যোৱা এগৰাকী মহিলাক। পিছৰ দৃশ্যটোত দেখা গৈছে চৰ্দাৰ বল্লভভাই পেটেলৰ ষ্টেচু অব ইউনিটি। 

আনহাতে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সমূহ অসমবাসী ৰাইজলৈ জ্ঞাপন কৰিছে শুভেচ্ছা। ফেচবুক পোষ্ট আৰু টুইটযোগে ৰাজ্যবাসীক ইংৰাজী নৱবৰ্ষৰ ওলগ জনাই সকলোকে ঐক্যৱদ্ধ প্ৰচেষ্টাৰে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে পৰিপূৰ্ণ এখন সমাজ গঢ়িবলৈ আহ্বান জনাইছে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ অফিচিয়েলল ফেচবুক পেজযোগে এই শুভেচ্ছাবাণীৰ তলত কমেণ্টবক্সত অধিকাংশ লোকে প্ৰতিশুভেচ্ছা জনোৱাৰ লগতে 'আমি CAA নামানো’ বুলি লিখা দেখা গৈছে। একাংশ লোকে নতুন বছৰটোৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীগৰাকীক CAAৰ বিৰোধিতা কৰাৰ সংকল্প গ্ৰহণ কৰিবলৈকো পৰামৰ্শ আগবঢ়াইছে। আন একাংশ ইউজাৰে আকৌ মুখ্যমন্ত্ৰীগৰাকীক নতুন বছৰৰ প্ৰথম দিনটোতো আধুনিক বদন আখ্যা দিয়া পৰিলক্ষিত হৈছে। 

এজন ইউজাৰে মুখ্যমন্ত্ৰীগৰাকীৰ ফেচবুক পেজৰ নৱবৰ্ষৰ শুভেচ্ছাৰ তলত কমেণ্ট কৰি লিখিছে, 'আপোনাৰ শুভেচ্ছা আজিৰ অসমীয়াই নলয় ! "কা" উত্থাপন হোৱাৰ দিনাই আপোনালোকে অসমত কাৰ্যকৰী নোহোৱা ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাটো মণিপুৰে লৈ গ'ল! ক'ত আছিল আপোনাৰ বিবেক। ধিক সোণোৱাল ধিক! তেজপিয়াৰ দৰে অসমৰ ৰাইজৰ তেজ শুহিছে আপুনি। আপোনাৰ সেই দুৰ্বল স্থিতি আপোনাৰ বিপদৰ পৰিচায়ক নিশ্চিতভাৱে হ'বই হ'ব।'

আন এজনে লিখিছে, 'জাতি আজিও ৰাজপথত, তোমাৰ প্ৰীতি শুভেচ্ছা তোমাৰ নিজৰ ষ্টাফক দিয়া।'  এজন ইউজাৰে আকৌ মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন বছৰটোত সমুতি লাভ কৰিব বুলিও আশা ব্যক্ত কৰিছে। তেওঁ লিখিছে, 'নৱবৰ্ষত আপোনালোকৰ সুমতি হওক।'  এনেদৰে নতুন বছৰটোৰ পহিলা দিনটোতে অসংখ্যা লোকৰ পৰা ছ'চিয়েল মিডিয়াযোগে গালি খাবলগীয়াত পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।