ডিজিটেল ডেস্কঃ ন’বেল বঁটাপ্ৰাপ্ত অৰ্থনীতিবিদদ্বয় অভিজিত বেনাৰ্জী আৰু তেওঁৰ পত্নী এষ্টাৰ ডুফ্লই বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী আইন(কা) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(এন আৰ চি) উন্নীতকৰণৰ৷ দেশজুৰি “কা" আৰু এন আৰ চিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে প্ৰসিদ্ধ অৰ্থনীতিবিদ দুগৰাকীয়ে এই দুয়োটা পদক্ষেপৰ বিৰোধিতা কৰিছে৷

ন’বেল বঁটা বিজয়ী পত্নী এষ্টাৰ ডুফ্ল’ৰ সৈতে যুটীয়াভাৱে ’দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত বেনাৰ্জীয়ে এন আৰ চি আৰু ’কা’ৰ বিৰোধিতা কৰি এটা প্ৰৱন্ধ লিখিছে৷ প্ৰৱন্ধটোত এন আৰ চিক দৰিদ্ৰ বিৰোধী বুলি ইংগিত দিয়া হৈছে।

একেদৰে ’কা’ৰ জৰিয়তে মোদী চৰকাৰে চুবুৰীয়া তিনি দেশত ধৰ্মীয় নিৰ্যাতনৰ বলি সংখ্যালঘুসকলক মানবীয় দৃষ্টিভংগীৰে ভাৰতীয় নাগৰিকত্ব দিব বিচৰা হৈছে বুলি দিয়া যুক্তিকো অৰ্থনীতিবিদ দুগৰাকীয়ে মানি ল’ব বিচৰা নাই৷ তেওঁলোকৰ মতে, চুবুৰীয়া ৰাষ্ট্ৰত নিৰ্যাতনৰ বলি সকলোৰে প্ৰতি সমদৃষ্টি দিয়া উচিত৷

তেওঁলোকে কৈছে যে শ্ৰীলংকাতো হিন্দু মানুহ নিৰ্যাতনৰ বলি হৈছে৷ গতিকে তেওঁলোককো ’কা’ৰ অন্তৰ্ভুক্ত কৰা উচিত৷ অহেতুক বিদেশী ভীতি আতঁৰ কৰা উচিত বুলি দুয়োৱে মতপোষণ কৰিছে৷ অৱশ্যে অসমত এন আৰ চি উন্নীতকৰণ পৰ্বৰ সামৰণি যুক্তিসংগতভাৱে অন্ত পৰিল বুলি প্ৰৱন্ধটোত উল্লেখ কৰা হৈছে৷

অসম সম্পৰ্কত তেওঁলোকে লিখিছে, 'অসমত এই ধাৰণাটোক যুক্তিসংগত সিদ্ধান্তৰ দিশে লৈ যোৱা হৈছে যে সকলো বিদেশীয়ে ধৰ্ম নিৰ্বিশেষে এক সমস্যা। সেয়ে CAAক ইয়াত অভিশাপ হিচাপে চোৱা হৈছে আৰু আশানুৰূপ বিদেশীক চিনাক্তকৰণত ব্যৰ্থ হোৱা বাবে NRCয়ে জনপ্ৰিয়তা অৰ্জন কৰিব পৰা নাই।'