71
কলকাতাঃ অহা মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনত এইবাৰ বি জে পিৰ আশা-ভৰসাৰ স্থল পশ্চিমবংগ৷
সেয়েহে দলটোৱে ৰাজ্যখনত ইতিমধ্যে আৰম্ভ কৰি দিছে নিৰ্বাচনীৰ প্ৰচাৰ৷ কেইদিনমানৰ পূৰ্বে বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ পাছতেই শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৰাজ্যখনত দলৰ প্ৰচাৰ আৰম্ভ কৰে৷