ডিজিটেল ডেস্কঃ দীৰ্ঘকালীন উন্নয়নৰ লক্ষ্য আগত ৰাখি চীন আৰু ভাৰতৰ মাজত তিক্ততা দুৰ কৰি মৈত্ৰী সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে চীনলৈ উৰা মাৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অনানুষ্ঠানিক বৈঠকত দুয়োখন দেশৰ সৈতে সম্পৰ্কিত উন্নয়নমূলক সমস্যা আৰু সমাধানৰ বাট মোকলাবৰ বাবে খৰচি মাৰি আলোচনা হ’ব বুলি জানিব পৰা গৈছে।
বিমানত উঠাৰ পুৰ্বে মোডীয়ে এক টুইটযোগে ভ্ৰমণৰ উদ্দেশ্যৰ কথা থোঁৰতে টুইট কৰি কয় যে দ্বিপাক্ষিক আৰু গোলকীয় স্তৰত বিদ্যমান সমস্যাসমূহৰ ওপৰত চীনৰ প্ৰেচিডেণ্ট শ্বি জিনপিঙৰ সৈতে মত বিনিময় কৰিব। বিগত বছৰত দেশদুখনৰ মাজত ডোকলামক লৈ ৭৩ দিনীয়া স্থবিৰ অৱস্থাৰ পিছত এনেদৰে প্ৰথমবাৰৰ বাবে শ্বি জিনপিঙক সাক্ষাত কৰিবলৈ যোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে য়ুহানত উপস্থিত হ’ব। তাৰ পিছত মুখামুখিকৈ জিনপিঙৰ সৈতে আলোচনাত বহিব।