ডিজিটেল ডেস্কঃ সোমবাৰে চিবিআইয়ে পঞ্জাৱ নেচ’নেল বেংকৰ মুম্বাই শাখাত তলা ওলোমাই দিয়ে৷ তাৰ লগে লগে দুগৰাকী বেকংৰ কৰ্চাৰী সহ তিনিগৰাকী লোকক আটক কৰে চিবিআইয়ে৷ নীৰৱ মোডীৰ বেংকৰ ঋণ ঘোটালা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে চিবিআইয়ে৷
জালিয়াতিৰে সৰ্ববৃহৎ কেলেংকাৰী সংঘটিত কৰি পলায়ন কৰিছিল নীৰৱ মোডীয়ে৷ আনহাতে নীৰৱ মোডীৰ কোম্পানী ফাইভ ষ্টাৰ ডয়মণ্ড কোম্পানীৰ বিত্তীয় বিষয়া বিপুল আম্বানীক জেৰা কৰে চিবিআইয়ে৷ দেওবাৰে বন্ধৰ দিনটোতে মুম্বাইৰ ব্ৰডি শাখাত বিভিন্ন নথি পত্ৰ পৰীক্ষা কৰিছিল চিবিআইয়ে৷