ৰঙিয়াঃ নীৰৱ মোডী এতিয়া কংগ্ৰেছৰ বাবে হাথিয়াৰ হৈ পৰিছে৷ নীৰৱ মোডীক কেন্দ্ৰ কৰিয়েই কংগ্ৰেছৰ ইজনৰ পিছত সিজন নেতাই বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ দেশৰ দ্বিতীয়টো সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ৰূপে খ্যাত পাঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পিছতেই নীৰৱ মোডীক ঢাল হিচাপে লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছে৷
অসমতো কংগ্ৰেছ নেতা-কৰ্মীয়ে পিএনবি কেলেংকাৰীৰ গইনা লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিক৷ অসমৰ একাংশ কংগ্ৰেছ নেতা কৰ্মীয়ে সক্ৰিয় হৈ পৰিছে৷ শনিবাৰে কংগ্ৰেছ নেতা-কৰ্মীয়ে কামৰূপৰ ৰঙিয়াত সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ হাতে হাতে চৰকাৰ বিৰোধী প্লেকাৰ্ড প্ৰদৰ্শন কৰে কংগ্ৰেছ নেতা-কৰ্মীয়ে৷ কংগ্ৰেছ নেতা নুৰনিয়াজ আহমেদে এই কেলেংকাৰীৰ সৈতে মোডী চৰকাৰ জড়িত বুলি কয়৷