কোকৰাঝাৰঃ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ গৃহ জিলা কোকৰাঝাৰত হাতী দাঁতসহ এটা চোৰাং সৰবৰাহকাৰী আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোকৰাঝাৰ আৰক্ষী অাৰু ২০ নং ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়নে যৌথ অভিযান চলাই জিলাখনৰ কচুগাঁওৰ সুদেমপুৰী এলেকাৰ পৰা চাৰিটা হাতী দাঁতসহ অাটক হোৱা চোৰাং সৰবৰাহকাৰীটোক চিৰাং জিলাৰ ভূৰ তিনালীৰ কাণ্ডা বসুমতাৰী ওৰফে শ্ৰীকাণ্ডা (৩২) বুলি অাৰক্ষীয়ে সদৰী কৰিছে ।
কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰা মতে কালি অৰ্থাৎ ৩ এপ্ৰিলৰ সন্ধিয়া ৭:১০মান বজাত কচুগাঁও অাৰক্ষী অাৰু ২০ নং ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়নৰ অভিযানকাৰী দল এটাই এক বিশেষ সূত্ৰৰ পম খেদি কচুগাঁও থানাৰ নিকটবৰ্তী সুদেনপুৰী এলেকাত খাপ পিটি থাকে।