newsnextone.com | লিডু/মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত বুধবাৰে চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ লগা বুলি জানিব পৰা গৈছে৷ 

টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ চক্ৰডুবিত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ লাগে যদিও দুয়োপক্ষৰ কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে৷ বন কৰ্মীয়ে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চোৰাং চিকাৰীক জালত পেলাবলৈ সক্ষম নহ’ল৷ 

জানিব পৰা মতে, বুধবাৰে দিনৰ ভাগত টিংকুপানী সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীৰ দল সোমোৱাৰ তথ্য লাভ কৰে বন বিভাগে৷ এই খবৰ লাভ কৰি বিভিন্ন দিশৰ পৰা বন কৰ্মীয়ে বনাঞ্চল খন ঘেৰি লয়৷ তেনে সময়তে এটা চোৰাং চিকাৰীৰ দলৰ সৈতে মুখামুখী হয় বন কৰ্মীৰ৷ চোৰাং চিকাৰীৰ দলটোৱে বন কৰ্মীৰ উপস্থিতিৰ কথা অৱগত হৈ ততাতৈয়াকৈ জংঘলৰ ভিতৰত সোমাই পৰি বন কৰ্মীক লক্ষ্য কৰি গুলিচলনা কৰে৷ 

বন কৰ্মীয়ে প্ৰত্যুত্তৰ দিয়াত দীৰ্ঘ সময় দুয়ো দলৰ মাজত সংঘৰ্ষ লাগে যদিও সুযোগ বুজি পলায়ন কৰে চোৰাং চিকাৰীৰ দলটোৱে৷ বন কৰ্মীয়ে পিছত ৬টা বন্দুক, সজীৱ গুলী, আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।  

উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৰ টিংকুপানী সংৰক্ষিত বনাঞ্চলত দীৰ্ঘ দিন ধৰি একাংশ চোৰাং চিকাৰী আৰু চোৰাং কাঠ বেপাৰীয়ে বনাঞ্চল ধ্বংস কৰি জীৱ-জন্তুক হত্যা কৰি আহিছে৷

সংৰক্ষিত বনাঞ্চল খনৰ অধিকাংশ এলেকাত চোৰাং চিকাৰীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ সংৰক্ষিত বনাঞ্চল খনৰ চক্ৰডুবিত ৯-১০ জনীয়া এটা চোৰাং চিকাৰীৰ দলে সোমাই গছ কাটিবলৈ অহা বুলি সন্দেহ কৰা হৈছে৷ বনাঞ্চল খনৰ চক্ৰডুবিত চোৰাং চিকাৰীৰ দলটোৱে কেম্প বনাই অৱস্থান কৰি থকা বুলিও জানিব পৰা যায়৷