57
newsnextone.com | লিডু/মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত টিংকুপানী সংৰক্ষিত বনাঞ্চলত বুধবাৰে চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ লগা বুলি জানিব পৰা গৈছে৷
টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ চক্ৰডুবিত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ লাগে যদিও দুয়োপক্ষৰ কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে৷ বন কৰ্মীয়ে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চোৰাং চিকাৰীক জালত পেলাবলৈ সক্ষম নহ’ল৷