কাজিৰঙাঃ ৰাজ্যজুৰি কৰ’না ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি দেশত লক ডাউন চলি অব্যাহত থকাৰ সময়তে আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড় হত্যাৰ ঘটনা সংঘটিত হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলৰ দুৱামাৰী বিলৰ পাৰত উক্ত গঁড় হত্যাৰ ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি লক ডাউনৰ সুবিধা গ্ৰহণ কৰি চোৰাং চিকাৰীৰ এটা দলে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি অতি নিৰ্মমভাৱে অসম গৌৰৱ এশিঙিয়া গঁড়টোক হত্যা কৰি খৰ্গ লৈ উধাও হয়৷ পৰৱৰ্তী সময়ত বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ এ কে ৪৭ ৰাইফলৰ আঠ জাই খালী কাৰ্টিজ উদ্ধাৰ কৰে৷