মঙলদৈ/কোকৰাঝাৰঃ চোৰাং চিকাৰীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ আগমুহুৰ্ততে দুজন দুধৰ্ষ গঁড় চিকাৰীক দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুধৰ্ষ গড় চিকাৰী দুটাক দলগাঁও থানাৰ অধীনৰ নলবাৰী গাঁৱৰ মজিবুৰ আলি আৰু জাকিৰ হুছেইন বুলি আৰক্ষীয়ে সদৰী কৰিছে।
চিকাৰীদুজনৰ পৰা আৰক্ষীয়ে এটা একে ৫৬ ৰাইফল, এটা থ্ৰি নট থ্ৰি ৰাইফল , ৪৭ জাঁই একে ৰাইফলৰ গুলী, ২১ জাঁই থ্ৰি নট থ্ৰি ৰাইফলৰ গুলী, থ্ৰি নট থ্ৰি ৰাইফলত ব্যৱহৃত চাইলেন্সাৰ, দুটা মেগজিন আৰু ঔষধপাতিও জব্দ কৰিবলৈ সক্ষম হৈছে।
দৰং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টিয়ে সদৰী কৰা মতে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি কালি নিশা অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) সুমন চক্ৰবৰ্তীৰ নেতৃত্বত ধুলা থানা আৰু শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত দলগাঁও থানাৰ অন্তৰ্গত নাওৰাশীসা গাঁওত অভিযান চলাই উক্ত চোৰাং চিকাৰী দুজনক আটক কৰে।
পিছত আৰক্ষীয়ে চোৰাংচিকাৰী দুজনক ঠাইতে জেৰা কৰাত তেওঁলোকে লুকুৱাই ৰখা অস্ত্ৰ-শস্ত্ৰসমূহ দেখুৱাই দিয়াত আৰক্ষীয়ে অস্ত্ৰ শস্ত্ৰসমূহ জব্দ কৰে । অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে চোৰাং চিকাৰী দুটাক জেৰা অব্যাহত ৰাখিছে ।