মুছলপুৰঃ পৰিবেশ দিৱসৰ দিনা পৰিৱেশ ৰক্ষাৰ শপত লৈ আত্মসমৰ্পন কৰিলে বাক্সা জিলাৰ উত্তৰকুছিৰ চাৰিগৰাকী চোৰাং চিকাৰীয়ে। উত্তৰকুছিৰ মানস চৌকী ইক টুৰিজিম ছ’চাইটি আৰু বাক্সা জিলা বিটিচি ৰিজিঅ’নেল জাৰ্নেলিষ্ট ইউনিয়নে অনুষ্ঠিত কৰা পৰিবেশ দিৱসত চোৰাং চিকাৰীকেইজনে প্ৰশাসনৰ ওচৰত  আত্মসমৰ্পণ কৰে।

জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ গগৈৰ উপস্থিতিত আত্মসমৰ্পণ কৰা চোৰাংচিকাৰীকেইজন হ'ল অনিল বড়ো, মনোজ মেধি, ৰত্নেশ্বৰ মদাহী আৰু মাধৱ মদাহী।