newsnextoneনলবাৰী,১১অক্টোবৰঃ অসমৰ আগশাৰীৰ সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান ‘‘বাসনা সাহিত্য গোষ্ঠী’’ৰ বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি ‘‘কাব্যবটা’’ নামেৰে এক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে৷ আগ্ৰহী কবি সকলক এটি স্বৰচিত কবিতা   আৰু ভৰ্তি মাচুল ৫০ টকা সহ অহা ২০ অক্টোবৰৰ ভিতৰত নিপজোতি মেধি,সভাপতি বাসনা সাহিত্য গোষ্ঠি,পোষ্ট অফিচ বালিকৰীয়া, কাজিপাৰা,নলবাৰী ৭৮১৩৪১ এই ঠিকনাত যোগাযোগ কৰিবলৈ উদ্যোগতা সকলে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে৷
দিগন্ত বৰ্মন,নলবাৰী