87
হোজাইঃ হোজাই জিলাৰ যমুনামুখৰ শংকৰদেৱ বিদ্যা নিকেতনত কবি সন্মিলনৰ যমুনামুখ সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু “কবিতাৰ এদিন” শীৰ্ষক কবি সন্মিলন যোৱা ২৭ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়।
কবি সন্মিলনৰ সভানেত্ৰী মিনতি দেৱী কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত শাখা সমিতিৰ বিষয়-ববীয়াই কাৰ্যভাৰ গ্ৰহণ কৰে৷ অহা ২৩ জানুৱাৰীত কবি সন্মিলনে ঐতিহাসিক ৰহঢ়লা থানৰ পথাৰত এখন কবি সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰস্তাব গ্ৰহণ কৰে৷