newsnextone.com | নগাঁওঃ সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা পৃথিৱীৰ কবি ৰাম গগৈয়ে ১৯৯৪ চনৰ ৯ ছেপ্তেম্বৰ তাৰিখে কায়িকভাৱে আমাৰ পৰা বিদায় লয়। সেয়ে বিশিষ্ট কবি গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদি প্ৰতি বছৰে সমগ্ৰ ৰাজ্যতে ৯ ছেপ্তেম্বৰৰ দিনটো “ৰাম গগৈ স্মৃতি দিৱস” হিচাপে সদৌ অসম কবি সন্মিলনে পালন কৰি আহিছে।
তদনুযায়ী পূৰ্ব বছৰ বোৰৰ দৰেই আজি নগাঁও জিলা কবি সন্মিলন আৰু জামুগুৰি শাখা কবি সন্মিলনৰ যুটীয়া উদ্যোগত এই দিৱসটি বেবেজীয়াৰ সমীপস্থ জামুগুৰিৰ শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি, বিয়লি ৩ বজাত জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰৱী লিগিৰা আৰু কাৰ্যকৰী সভাপতি অনিল চন্দ্ৰ নাথে ৰাম গগৈৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰাৰ অন্তত শিল্পী পেন্সনাৰ পৰাণ দাসৰ পৰিচালনাত তথা জগন্নাথ দাস আৰু বিষ্ণুপ্ৰিয়া দাসৰ সহযোগত গীতাঞ্জলি দাসৰ দ্বাৰা পৰিবেশিত এটি বৰগীতেৰে মূল অনুষ্ঠান স্মৃতিচাৰণ সভা আৰু কবিমেলৰ শুভাৰম্ভ কৰা হয়।