56
জাজৰিঃ সদ্য গঠিত সোনাইপৰীয়া শাখা কবি সন্মিলনৰ ব্যৱস্থাপনাত ২৪ ছেপ্টম্বৰত শাখাৰ অন্তৰ্গত চমুৱাগাঁও চাৰিআলিত “সোনাইপৰীয়া কাব্যকণ্ঠ” নামেৰে স্ব-ৰচিত কবিতা পাঠ অনুষ্ঠানৰ আয়োজন কৰিছে।
কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত স্বচ্চতা কাৰ্যসূচী, ৯ বজাত পতাকা উত্তোলন, ৯-৩০ বজাত পথাৰ কবি ৰাম গগৈ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, ক্ষুদ্ৰ গ্ৰন্থমেলা দ্বাৰ উন্মোচন, বৃক্ষ ৰোপনৰ পাছত সোনাইপৰীয়া কবি সন্মিলনৰ স্থায়ী কাৰ্যালয়ৰ দ্বাৰ উন্মোচন হ’ব।