জাজৰিঃ মাটি আৰু মানুহৰ কবি, জনচেতনাৰ কবি, পথাৰ কবিখ্যাত ৰাম গগৈৰ স্মৃতি দিৱস আৰু স্ব-ৰচিত কবিতা পাঠ অনুষ্ঠান কাব্যধ্বনি নগাঁও জিলা কবি সন্মিলনৰ উদ্যোগত, সোনাইপৰীয়া শাখা, কবিতা নিকেতন, বাৰপুজীয়া আৰু জামুগুৰি শাখা কবি সন্মিলনৰ সহযোগত চাণক্য কণিষ্ঠ মহাবিদ্যালয়ত অনুষ্ঠিত হয়।
জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত কবি ৰাম গগৈৰ স্মৃতি সোঁৱৰণ কৰি তেখেতৰ কেইবাটিও যুগজয়ী কবিতা পাঠ কৰে নগঁঞা কবি ডা০ প্ৰয়াগ শইকীয়া, অনুলেখা বৰদলৈ, মিনাক্ষী বৰদলৈ আৰু তপন কুমাৰ নগঁঞাই।