যোৰহাটঃ এই কৰ’না কালত কেনে আছে সম্প্ৰতি বাট-পথে ঘূৰি ফুৰা অথচ একালৰ কাৰোবাৰ মৰমৰ টমি-ৰকি-ডগী-কালু অথবা ভোলাহঁত? গাড়ী দেখিলে ভয়তে হওক বা আন কোনো কাৰণতেই হওক দেখিলে খেদি যোৱা এই টমি-ৰকি-ডগী-কালু অথবা ভোলাহঁতৰ খবৰ ল’বলৈ কোনোবা আছেনে? ৰাজ্যৰ অইন নগৰ-চহৰত গৰাকীবুিহীন এনে পোহনীয়া জীৱ-জন্তুবোৰৰ আলাই-আথানি নাইকিয়া কৰিবলৈ কোনো প্ৰকৃতি প্ৰেমী আৰু পশু প্ৰেমী দল-সংগঠন আছে নে নাই সেয়া নিশ্চিত নহ’লেও যোৰহাট নগৰে এইক্ষেত্ৰত সকলোকে পোহৰ দেখুৱাবলৈ সমৰ্থ হৈছে।
উজনি অসমৰ অন্যতম প্ৰাণকেন্দ্ৰস্বৰূপ এই নগৰখনত যান্ত্ৰিকতাৰ ব্যস্তময় সমাজ জীৱনৰ মাজতো জীৱ প্ৰেমৰ এক উজ্জ্বল নিদৰ্শন দেখুৱাইছে ‘পোহৰ’ নামৰ এটি স্বেচ্ছাসেৱী সংস্থাই। দুচকুত সমাজৰ বাবে ভাল কিবা এটা কৰাৰ সপোন কঢ়িয়াই লৈ ফুৰা যোৰহাট জিলাখনৰ এদল উদ্যমী যুৱক-যুৱতীৰ নিঃস্বাৰ্থ প্ৰচেষ্টাত গঢ় লৈ এই সংগঠনটোৱে বুটলিবলৈ সক্ষম হৈছে ৰাইজৰ প্ৰশংসা।