ডিব্ৰুগড়ঃ তিনিচুকীয়াৰ আছু-বিজেপিৰ হতাহতিৰ ঘটনাটোত আহত তিনিচুকীয়া জিলাৰ বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণৰ স্বাস্থ্যৰ বুজ লৈ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্যই জোকাৰিছে সমগ্ৰ ৰাজ্য ৷
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে ৰঞ্জিত দাসৰ এনে উচতনিমূলক বক্তব্যই সাতামপুৰুষীয়া অসমীয়া জাতিটোক ভাগ ভাগ কৰিব বুলি কয় ৷ লগতে শাসনাধিষ্ঠিত দলটোৰ ৰাজ্যিক মূৰব্বীজনৰ এই বিভাজনমূলক বক্তব্যক তেওঁ গৰিহণা দিয়ে ৷”এই ২৯ লাখ মানুহে বিজেপিক ভোট দিলে বুলিয়ে তেওঁলোক বিজেপিৰ বহতীয়া নহয় আৰু তেওঁলোকৰ মাজতো এই লোকৰ বিৰুদ্ধাচৰণ কৰা লোক আছে ৷” বুলি কৈ পুনৰবাৰ দোহাৰে “নলবাৰীত গণতান্ত্ৰিক আন্দোলন কৰা সংগঠনটোৰ কৰ্মীক মাৰ-ধৰ কৰা হ’ল,তেওঁলোকৰ পতাকা ভৰিৰে গচকি পেলোৱা হ’ল,আনকি লকআপৰ ভিতৰত গৈ প্ৰতিবাদকাৰীসকলক আঘাত কৰা হ’ল অথচ এই ভেৰোণীয়া গুণ্ডাসকলৰ বিৰুদ্ধে একো কাৰ্যব্যৱস্থা হাতত লোৱা দেখা নগ’ল ৷ অথচ তিনিচুকীয়াৰ প্ৰতিবাদকাৰী সকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হ’ল ৷”