গুৱাহাটীঃ অচিৰেই গ্ৰেপ্তাৰ হ’ব পাৰে বিতৰ্কিত আৰক্ষী বিষয়া অঞ্জন বৰা৷ বিজেপিৰ বিধায়িকাৰ বিৰুদ্ধে ফেচবুকত অশালীন মন্তব্য কৰাৰ পিছতে আজি আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে আৰক্ষীয়েই ৰুজু কৰে এটি গোচৰ৷ বৃহস্পতিবাৰে আইজিপি (প্ৰশাসন) প্ৰদীপ শালৈয়ে চিআইডি বিভাগত বৰাৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰে৷
ইফালে গোচৰ ৰুজু কৰাৰ কেই ঘণ্টামান পিছতে নিশা প্ৰায় ৮ বজাত এটি স্থানীয় টিভি চেনেলৰ টক শ্ব’ত ভাগ লোৱা দেখা গ’ল বিতৰ্কিত আৰক্ষী বিষয়াজনক৷ টক শ্ব’টোত ভাগ লৈ ফেচবুক পোষ্টযোগে বিতৰ্ক সৃষ্টি কৰা বৰাই আৰু একাধিক বিতৰ্কিত কথাৰে সচেতন মহলক হতচকিত কৰি তোলে৷ টক শ্ব’টোত ভাগ লোৱা আন অতিথি আৰু এংকৰৰ প্ৰশ্নবোৰ এৰাই চলি চালে-বেৰে কোবোৱা কথাৰেহে সময়খিনি পাৰ কৰিবলৈ চেষ্টা কৰে বৰাই৷ মূল বিষয়ৰ পৰা ফালৰি কাটি বিতৰ্কিত বৰাই বাৰে বাৰে আন প্ৰসংগ উত্থাপনেৰে টক শ্ব’টোত ভাগ লোৱা আন অতিথি আৰু একংৰক বিব্ৰত কৰি তোলা পৰিলক্ষিত হয়৷