গোলকগঞ্জঃ ধুবুৰী জিলাৰ আগমণিত বিদ্যালয়ৰ শ্ৰেনী কোঠা নিৰ্মাণ আৰু গুণ উৎসৱকলৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জিলা খনৰ আগমণি শিক্ষা খণ্ড অন্তৰ্গত মধ্য দফৰপুৰ এল পি স্কুলত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণক লৈ আজি আলোচনা চলি থকৰা মাজতে প্ৰধান শিক্ষকে এগৰাকী জ্যেষ্ঠ নাগৰিকক দুৰ্ৱ্যৱহাৰ কৰাত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয়৷
বাক-বিতণ্ডাই হতা-হতিৰ ৰূপ লোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰ সময়তে অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ ফলত বিদ্যালয় চৌহদত পাগলাহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়। মধ্য দফৰপূৰ এল পি স্কুলত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ আৰু গুণ উৎসৱ সন্দৰ্ভত আলোচনা কৰিবলৈ অহা বিদ্যালয় খনৰ প্ৰাক্তন শিক্ষক তথা জ্যেষ্ঠ নাগৰিক মনোৱাৰ হুছেইন প্ৰধানীক সভাৰ মাজতে বেয়াকৈ কয়৷