শিমলুগুৰিঃ অসম নাগালেণ্ড সীমান্তৰ নাজিৰা মহকুমাৰ অন্তৰ্গত ঐতিহাসিক বিহুবৰ উগুৰিজান চাহ বাগিছাৰ চাহ গছ নগা দুৰ্বৃত্তই কাটি নিয়াত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ৷
সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে সীমান্তৰ জনসাধৰণৰ জীৱন আৰু সম্পত্তীৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনায়৷ আনহাতে শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি শৰ্মা আৰু সাধাৰণ সম্পাদক মিৰ্জা আলিয়ে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতিক এখন স্মাৰক প্ৰদান কৰি নগাই দখল কৰা চাহ বাগিছা শীঘ্ৰে বেদখল মুক্ত কৰাৰ দাবী জনায়৷