ডিজিটেল ডেস্কঃ দেশ তথা দহৰ বাবে সেৱা আগবঢ়োৱাৰ শপত লোৱা এগৰাকী লোকে লাখ লাখ টকা লৈ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি স্বৰূপ সন্ত্ৰাসবাদীক সহায় কৰাৰ খবৰ চিন্তাৰ কাৰণ হৈ পৰিছে৷ যোগী আদিত্য নাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াৰ বিৰুদ্ধে মোটা অংকৰ ধন লৈ সন্ত্ৰাসবাদীক এৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে পঞ্জাৱ আৰক্ষীয়ে৷
২০১৬ বৰ্ষত পঞ্জাৱৰ নাভা জেল ভাঙি খালিস্তানী সন্ত্ৰাসবাদী গোপী ঘনশ্যামপুৰা পুৰাই পলায়ন কৰিছিল৷ সন্ত্ৰাবাদীগৰাকী জেলৰ পৰা পলায়ন কৰাৰ পিছতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ প্ৰায় এবছৰ মুৰকত সন্ত্ৰাসবাদী গোপী ঘনশ্যামপুৰাক পলায়ন কৰাত উত্তৰ প্ৰদেশ আৰক্ষীৰ এগৰাকী আই পিএছ বিষয়াই সহায় কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে দেশত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ পঞ্জাৱ আৰক্ষীয়ে এটি ভিডিঅ’ ক্লিপ যোগে এই অভিযোগ উত্থাপন কৰে৷