কলিয়াবৰঃ পূজাৰ আনন্দৰ মাজতে কলিয়াবৰৰ শিলঘাটস্থিত কলিয়াবৰ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। সুৰাৰ ৰাগীত মতলীয়া আৰক্ষী বিষয়াৰ গুলীচালনা পূজাস্থলীত। শিলঘাট আৰক্ষী চকীৰ আৰক্ষী বিষয়াই পূজামণ্ডপত কৰে অবাঞ্চিত গুলীচালনা।
পূজাৰীৰ মূৰত ৰিভলভাৰৰ লগাই পুজা বন্ধ কৰিবলৈ নিৰ্দ্দেশ দি পূজাৰীলৈ কৰে গুলীচালনা কৰাৰ লগতে পূজা মণ্ডপত চলাই পাচজাঁই গুলী। কথমপি প্ৰাণ ৰক্ষা পূজাৰ পূজাৰী শশী শৰ্মাৰ। সুৰাৰ ৰাগীত অৱশেষত অচেতন হৈ পূজাস্থলীত পৰি থাকিল আৰক্ষী বিষয়া বিমল কুমাৰ বসুমতাৰী।