মৰিগাঁওঃ নগাওঁ জিলাৰ জুৰীয়াত দেওবাৰে সংঘটিত ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে উক্ত ঘটনাৰ এটি ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত শেহতীয়াকৈ আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কাৰণ আৰক্ষীৰ পক্ষৰ এজন লোকে ৰঙা পাৰিৰ গামোচা জোতাৰে গচকা দৃশ্য ভিডিঅ’টোত প্ৰত্যক্ষ হৈছে।
উল্লেখ্য যে, ২৮ চেকেণ্ডৰ এই ভিডিঅ’টোত এখন ৰঙা পাৰিৰ গামোচা ৰাজপথত জ্ব্লি থকা অৱস্থাত তাৰ কাষতে কেইজনমান লোকে নানান শ্ল’গান দি আছে। তেনে সময়তে এজন যুৱক আহি আন এখন ৰঙা পাৰিৰ গামোচাৰে জ্ব্লি থকা গামোচাখন নুমুৱাবলৈ চেষ্টা কৰাৰ লগতে গামোচা কিয় জ্ব্লাইছে বুলি প্ৰশ্ন কৰে। ইয়াৰ প্ৰত্যুত্তৰত শ্ল’গান দি থকা এজনে গামোচা আমি জ্হলোৱা নাই, আপোনালোকে জ্বলাইছে বুলি প্ৰকাশ কৰে।