গোলকগঞ্জঃ আপোন ঘৰ খন এৰি ৰাজ্যবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাত নিয়োজিত হৈ থকা আৰক্ষীৰ লোকসকলে উৎসৱ-পাৰ্বন বুলি ঘৰখনলৈ যোৱাৰ সুবিধা নাপায়৷ বিহু, পূজা, ঈদ বুলি তেওলোকে ঘৰ খনলৈ যাব নোৱাৰাৰ লগতে তেওলোকে দায়িত্ব পালন কৰিব লগা হয়৷ হাতত বন্দুকটো লৈ ৰদে-বৰষুণে জনসাধৰণক সুৰক্ষা দিয়ে৷ তাৰ মাজতে যেনেকৈয়ে নহওঁক উৎসৱৰ আনন্দ লয় আৰক্ষীৰ লোকসকলে৷
কিন্তু উৰুকাৰ নিশা পিছ পৰি নাথাকিল ৰাজ্যৰ আৰক্ষীৰ লোকসকলো৷ তাৰ মাজতে ভোগালী বিহুৰ উৰুকাৰ নিশা ব্যতিক্ৰম দেখা গ’ল ধুবুৰী জিলাত৷ ৰাজ্যবাসীয়ে উৰুকাৰ নিশা উদৰ পুৰাই এসাজ খোৱাৰ লগতে আৰক্ষীয়েও এসাজ খােৱা দেখা গ’ল ৷