newsnextone.com | ডিব্ৰুগড়ঃ দিন হাজিৰা কৰিবলৈ ওলাই যোৱাৰ সময়তে ভাল খবৰটো পালে ৰমেশ দত্তই। কন্যাই ৬টা বিষয়তে লেটাৰ সহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এই খবৰ লাভ কৰি ঘৰলৈ দৌৰি আহে দত্তই৷ কন্যাই ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ৰমেশ দত্তৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবেই ফলাফল ঘোষণাৰ দিনটোতো যাবলগীয়া হ’ল কামৰ সন্ধানত।
কাম কৰি নিজ কন্যাক পঢ়া-শুনা সঠিকভাবে আগবঢ়াই নিয়া ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ৰমেশ দত্তৰ কন্যা চিমি দত্তই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫২৭ নম্বৰ লাভ কৰি লাহোৱাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে৷