newsnextone.com | বিহালীঃ দৰিদ্ৰতাৰ হেঙাৰ ওফৰাই শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৫টা বিষয়ত লেটাৰ নম্বৰ সহ মুঠ ৫১০ নম্বৰ লাভ কৰি বিশ্বনাথ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কন্যাই৷
বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ নিমবাৰী লাইনৰ দৰিদ্ৰ চলিম আনছাৰীৰ কন্যা টাবাচুম পাৰবিনে শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুথ্যাতিৰে উত্তীৰ্ণ হৈ সফলতা লাভ কৰে৷ কৃতী ছাত্ৰী টাবাচুম পাৰবিনে উজলাই বিশ্বনাথক। মানাবাৰী হাইস্কুলৰ পৰা পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্ত্তীণ হৈছিল ছাত্ৰীগৰাকী।