মৰাণঃ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেনীৰ বাবে চৰকাৰে ন ন আঁচনি প্ৰস্তুত কৰি চমক সৃষ্টি কৰাৰ চেষ্টা চলাই আহিছে যদিও গ্ৰামাঞ্চল বিলাকত এতিয়াও এই আচনি সমূহে ঢ়ুকি পোৱা নাই দৰিদ্ৰ সীমাৰেখাৰ তলৰ শ্ৰেনীক৷ তেনে এক উদাহৰণ হৈছে ১১৫নং মৰাণ বিধান সভা সমষ্টিৰ খোৱাং গাঁও পঞ্চায়তৰ এলেকাধীন বোকাহোলা গাঁৱৰ ১০ নং ৱাৰ্ড।
এই ৱাৰ্ডটোৰ ২২ টা পৰিয়াল আজিও অটল অমৃত যোজনাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে। ভূক্তভোগী পৰিয়াল কেইটাই জানিবলৈ দিয়াৰ মতে তেওঁলোকে এই কাৰ্ড লাভ কৰিবৰ বাবে যাবতীয় সকলো নথিপত্ৰ বিভাগীয় বিষয়াসকলক জমা দিছিল যদিও আজি পৰ্যন্ত তেওঁলোকে এই কাৰ্ড লাভ কৰিবলৈ সক্ষম নহ’ল।