শিমলুগুৰিঃ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিয়ে নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসমৰ স্বাস্থ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰি নগৰৰ বৰক’লাত অৱস্থিত শিমলুগুৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিয়ে হৈছে এই অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ।
এই কেন্দ্ৰটিক সাঙুৰি ২০ খনকৈ গাঁৱৰ মানুহ সাধাৰণ চিকিৎসাৰ কাৰণে স্বাস্থ্য কেন্দ্ৰটোলৈ আহে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই স্বাস্থ্য কেন্দ্ৰটোত কোনো চিকিৎসক নোহোৱাৰ বাবে নূন্যতম চিকিৎসাৰ পৰাও অঞ্চলটোৰ ৰাইজ বঞ্চিত হ’বলগীয়া হৈছে। কেৱল মাত্ৰ এগৰাকী ফাৰ্মাচিষ্ট আৰু তিনিগৰাকী এ এন এম পৰিচাৰিকাই পৰিচালনা কৰা স্বাস্থ্য কেন্দ্ৰটোয়ে ঔষধ-পাটি যোগান ধৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে।