অভয়াপুৰীঃ মৰমৰ সন্তানটোৱে বিছনাত সময় অতিবাহিত কৰিছে৷ সমনীয়াৰ সৈতে দৌৰি-ফুৰা, খেলা-ধূলা কৰা সন্তানটোৱে কেতিয়াবা মাতৃৰ কোলাত মূৰ থৈ চকুলো টুকিছে আকৌ কেতিয়াবা বিছনাৰ গাৰুত মূৰ থৈ কাৰোবাৰ মুখলৈ চাই ৰৈছে৷ তেও বুজি পোৱা নাই তেওৰ হৈছে কি৷ কিশোৰ অৱস্থাতে লাহে লাহে তেওঁ যেন ভাগৰি পৰিছে৷ অসহায় এক যন্ত্ৰণাৰ সৈতে সময় পাৰ কৰিছে৷
অসহায় দৰিদ্ৰ পৰিয়ালটোৱে চিন্তাত দিন পাৰ কৰিব লগা হৈছে৷ নাম তেওৰ দেৱজিত৷ এঘাৰ বছৰীয়া কিশোৰ দেৱজিতে পিতৃয়ে বিদ্যালয়ৰ সন্মুখত বাদাম বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়ে। চিকিৎসাৰ বাবে ধনৰ যোগাৰ কৰিব নোৱাৰা অসহায় পিতৃ-মাতৃয়ে পুত্ৰৰ মুখলৈ চাই দিন পাৰ কৰিব লগা হৈছে। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ২নং বাৰ্ডৰ পিৰাধৰাৰ বাসিন্দা মহাদেৱ পালৰ দৰিদ্ৰ হলেও কিছুদিন আগলৈ সুখেৰে সংসাৰ চলাই আছিল।