46
শিৱসাগৰঃ আৰ্থিক দৈন্যতা নেওচি উজলিল এজন মেধাবী ছাত্ৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰা এইজন কৃতী ছাত্ৰৰ ঘৰ ৰংঘৰ চাৰি আলি দুবৰণী আলিত।
শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ ছাত্ৰ ছফিকুল হুছেইন নামৰ এই মেধাৱী ছাত্ৰগৰাকীয়ে দৰিদ্ৰতা তথা কঠিন পৰিস্থিতিকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ সহ ষ্টাৰ মাৰ্ক লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।