newsnextone.com | পৰ্বতঝোৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিএডিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমছুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্সূচী পালন কৰে৷ 
এনআৰচিৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে সীমান্ত আৰক্ষীয়ে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক ডি-ভোটাৰ সজাই এনআৰচিৰ পৰা নাম কৰ্তন কৰাৰ লগতে অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। 

যাৰ ফলত মঙলবাৰে আমছুৱে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ আমছুৱে প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা মতে, অৱস্থা ধৰ্মঘট কৰ্যসূচী চলি থকাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ গণতান্ত্ৰিক আৰু শান্তি পূৰ্ণ ভাৱে কৰা আন্দোলনক আৰক্ষীয়ে বাধা প্ৰদান কৰাত পৰ্বতঝোৰা জিলা আমছুৱে তীব্ৰ গৰিহণা দিয়ে৷ 

এন আৰ চিৰ কাম চলি থকাৰ সময়তে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক সীমান্ত আৰক্ষীয়ে ডি-ভোটাৰ সজোৱাৰ প্ৰতিবাদত আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰা বন্ধ কৰাৰ দাবীত মঙলবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছিল সংগঠনটোৱে। 

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমছুৰ নেতা-কৰ্মীয়ে অসম চৰকাৰ হায় হায়, বৰ্ডাৰ পুলিচ গ’বেক, বৰ্ডাৰ পুলিচৰ মইমতালি নচলিব, সৰ্বানন্দ সোণোৱাল গ’বেক, ডি-ভোটাৰৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা বন্ধ কৰক, আমছু জিন্দাবাদ আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে। 

আমছুৱে অভিযোগ উত্থাপন কৰা মতে, সীমান্ত আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাকৈ যধে-মধে প্ৰকৃত ভাৰতীয় নাগৰিকক জাননী জাৰি কৰি তদন্ত অবিহনে বহু মানুহক ডি-ভোটাৰ সজোৱাৰ বাবে চক্ৰান্ত কৰিছে৷ এনে ধৰণৰ হাৰাশাস্তি বন্ধ কৰাৰ দাবীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলা সমিতিয়ে এই কাৰ্যসূচী পালন কৰে আমছুৱে৷

পৰ্বতঝোৰা জিলা আমছুৱে মহকুমাধিপতিৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ স্মাৰক পত্র প্ৰেৰণ কৰিব বিচাৰিছিল যদিও প্ৰশাসনে গুৰুত্ব নিদিয়া বুলি কয়৷