newsnextone.com | পৰ্বতঝোৰাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিএডিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমছুৱে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্সূচী পালন কৰে৷
এনআৰচিৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে সীমান্ত আৰক্ষীয়ে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক ডি-ভোটাৰ সজাই এনআৰচিৰ পৰা নাম কৰ্তন কৰাৰ লগতে অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে।
যাৰ ফলত মঙলবাৰে আমছুৱে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে৷ আমছুৱে প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা মতে, অৱস্থা ধৰ্মঘট কৰ্যসূচী চলি থকাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ গণতান্ত্ৰিক আৰু শান্তি পূৰ্ণ ভাৱে কৰা আন্দোলনক আৰক্ষীয়ে বাধা প্ৰদান কৰাত পৰ্বতঝোৰা জিলা আমছুৱে তীব্ৰ গৰিহণা দিয়ে৷