newsnextone.com | পৰ্বতঝোৰাঃ এগৰাকী মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে এগৰাকী যুৱকক ষড়যন্ত্ৰমূলক ভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত। পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৰাইজে। ইমানে নহয় আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে যুকজনৰ পৰিয়ালে দাখিল কৰা এজাহাৰ লবলৈ আৰক্ষী থানাই মান্তি নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। 

বিটিএডিৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খোৰাঘাটত ২৪ জুলাইত ৰৌচন আলী বেপাৰী, দিলবৰ হোছেইন বেপাৰী আৰু ৰাজু আলী নামৰ তিনি যুৱকে গছৰ তলত জিৰণিলৈ আছিল বুলি ৰাইজে দাবী কৰে। উক্ত সময়ত পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াই নিজ গাড়ীৰে উক্ত ঠাইত উপস্থিত হৈয়ে বন্দুক টোৱাই গুলী কৰিবলৈ সাজু হোৱাত তিনি যুৱকে নৈত জপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।

নৈত জপিয়াই প্ৰাণ ৰক্ষা কৰিব খোজা ৰৌচন আলী বেপাৰী, দিলবৰ হোছেইন বেপাৰীয়ে কেনেবাকৈ নৈৰ বুকুৰ পৰা পাৰলৈ উঠি আহে যদিও ৰাজু আলীয়ে পানীত ডুব যায় বুলি কয় ৰাইজে। ফলত ৰাজু আলীৰ মৃতদেহ বহু পলমকৈ উদ্ধাৰ হয়। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰ্বতঝোৰাত।

তাৰ পিছতে ৰাজু আলীৰ পৰিয়ালে কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষী থানাত মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ যায় যদিও আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণ নকৰাত বুধবাৰে ৰাইজ আৰক্ষী থানাৰ চৌহদত প্ৰতিবাদ জনায়। মহকুমা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰ কৰি তদন্ত যোগে শাস্তি প্ৰদানৰ দাবী জনায় ৰাইজে।

মহকুমা আৰক্ষী বিষয়াৰ বিৰুদ্ধে বগৰীবাৰী আৰক্ষীয়ে এজাহাৰ গ্ৰহণ লবলৈ অস্বীকাৰ কৰা বুলি ৰাজু আলীৰ পৰিয়ালে অভিযোগ উত্থাপন কৰে৷ পৰিয়াল সহজ সৰল যুৱকক মিছা অভিযোগত হত্যা কৰা বুলি কৈ ন্যায় দাবী কৰে। আনহাতে স্থানীয়  আমছু আৰু আৰএমচিয়ে পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনায়। ঘটনা সন্দৰ্ভত পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ সৈতে যোগাযোগ কৰি অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰা হৈছিল যদিও সেয়া সম্ভৱ নহ'ল।