কৰ’না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে দেখা দিছে এক অভাৱনীয় পৰিৱেশ। প্ৰতিজন লোকেই সন্মুখীন হৈছে সমস্যাৰ। বহুতেই প্ৰিয়জনক হেৰুৱাবলগীয়াত পৰিছে। বহুতে ৰোগত আক্ৰান্ত হৈ কটাবলগীয়া হৈছে শংকাময় সময়। কেৱল চহৰেই নহয়, বহুকেইখন দেশো সম্পূৰ্ণৰূপে লকডাউন হৈ থাকিবলগীয়াত পৰিছে। কোৱাৰেণ্টাইনত আছে লাখ লাখ লোক। শোচনীয় হৈ পৰিছে অৰ্থব্যৱস্থা। সংস্থাপন হেৰুৱাইছে অগণন লোকে।
এনে পৰিস্থিতি আৰু কিমান দিনলৈ অব্যাহত থাকে তাৰ কোনো ঠিকনা নাই। কৰ’না ভাইৰাছক লৈ অব্যাহত থকা এনে একাধিক অবাঞ্চিত পৰিস্থিতিৰ মাজতে দেখা গৈছে কেবাটাও ইতিবাচক পৰিৱৰ্তন। আহকচোন কৰ’না ভাইৰাছে হাজাৰ সংকটৰ মাজতো কি কি ইতিবাচক পৰিৱৰ্তন লৈ আহিছে সেই সম্পৰ্কে জানি লও।
১। হ্ৰাস পালে বায়ু প্ৰদূষণ
কৰ’না ভাইৰাছৰ ফলত কেবাখনো দেশৰ আগশাৰীৰ চহৰসমূহত লকডাউন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইয়াৰ ফলত উক্ত চহৰসমূহত চকুত লগাকৈ হ্ৰাস পাইছে বায়ু প্ৰদূষণ। চীন আৰু ইটালী এই দুয়োখন দেশতে কৰ’নাৰ বাবে বায়ুমণ্ডলত নাইট্ৰজেন অক্সাইডৰ মাত্ৰা যথেষ্ট হ্ৰাস পাইছে। কল-কাৰখানা আৰু গাড়ী-মটৰৰ চলাচল বন্ধ হৈ পৰাৰ ফলতে এনেদৰে হ্ৰাস পাইছে প্ৰদূষণ।
লণ্ডন আৰু নিউয়ৰ্কতো হ্ৰাস পাইছে প্ৰদূষণ। ভাৰততো দেওবাৰৰ দিনটোত জনতা কাৰ্ফিউ পালন কৰাৰ ফলত নতুন দিল্লী, মুম্বাই, বাংগালুৰুকে আদি কৰি প্ৰায়বোৰ চহৰতে প্ৰদূষণৰ মাত্ৰা অৱনমিত হোৱাৰ আশা কৰা হৈছে। বিগত কেবাদিনো ধৰি সমগ্ৰ বিশ্বতে বিমান সেৱা একপ্ৰকাৰ স্তব্ধ হৈ পৰাত ইয়াৰ ইতিবাচক প্ৰভাৱ বায়ুমণ্ডলত দেখা গৈছে।
প্ৰদূষণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত এই বছৰত গোলকীয় উষ্ণতা হ্ৰাস পোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে বিজ্ঞানীসকলে। আনহাতে এই সময়ছোৱাত লাখ লাখ লোকে ঘৰৰ পৰা কাম কৰি থকালৈ চাই সমগ্ৰ বিশ্বতে অনাগত দিনত প্ৰদূষণ তথা অন্যানা সমস্যাসমূহ দূৰ কৰিবলৈ এনেদৰে ঘৰৰ পৰা কাম কৰাৰ পদ্ধতি অৱলম্বন কৰিব পৰাৰ সম্ভাৱনাও দেখা দিছে।
২। পানীৰ গুণগত মানৰ পৰিৱৰ্তন
কৰ’না ভাইৰাছৰ প্ৰভাৱত এতিয়া পূৰ্বতকৈ অধিক বিশুদ্ধ হৈ পৰিছে পানী। ইটালীৰ ভেনিচ চহৰৰ বাসিন্দাসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে কৰা মন্তব্যত দেখা গৈছে যে এইকেইদিন চহৰখনৰ সকলোতে পানী ফটফটীয়া হৈ পৰিছে। জল পৰ্যটনৰ বাবে বিখ্যাত চহৰখনত পৰ্যটকৰ আহ-যাহ বন্ধ হৈ পৰাৰ ফলত এনেদৰে পানীৰ গুণগত পৰিৱৰ্তনে দেখা গৈছে।
ইটালীৰ দৰেকৈ চীনৰ নৈ সমূহত পানী ফটফটীয়া আৰু বিশুদ্ধ হৈ পৰাৰ বাতৰি প্ৰকাশ পাইছে। চীনৰ চৰকাৰী সংবাদ পত্ৰ ঝিনুহাত প্ৰকাশিত বাতৰি মতে দেশখনত কল-কাৰখানাসমূহ বন্ধ হৈ থকাত নৈত আৱৰ্জনা আহি পৰা নাই বাবে পানীত পৰিৱৰ্তন স্পষ্ট হৈ পৰিছে।
৩। উদাৰতা, সহানুভূতি বৃদ্ধি
বহু ঠাইত লকডাউনৰ সময়ত একাংশ লোকে প্ৰয়োজনতকৈ অধিক অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰিবলৈ উঠি-পৰি লাগিছে। ভাৰততো মাস্ক, ছেনিটাইজাৰ আদিৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিছে একাংশ অসাধু লোকে। ইয়াৰ বিপৰীতে বিশ্বৰ ভিন্ন প্ৰান্তত দেখা গৈছে মানুহৰ মাজত উদাৰতা আৰু সহানুভূতিৰ ভাৱ বৃদ্ধি পোৱাৰ লক্ষণ।
এই সংকটৰ সময়ত নিউয়ৰ্কত ৭২ ঘণ্টাৰ ভিতৰত দুজন লোকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ১৩০০ৰো অধিক স্বেচ্ছাসেৱকৰ এটা দল গঠন কৰিছে। চহৰখনৰ বয়োজ্যেষ্ঠ লোকসকলক ঘৰুৱা সামগ্ৰী আৰু ঔষধ বিতৰণ কৰাৰ কাম আৰম্ভ কৰিছে এইসকল স্বেচ্ছাসেৱকে। গ্ৰেট ব্ৰিটেইনতো হাজাৰ হাজাৰ লোকে ইজনে আনজনক সহায় কৰিবলৈ গঠন কৰিছে সহযোগ গোট। কানাডাতো দেখা গৈছে এনে গোট।
অষ্ট্ৰেলিয়াতো ছুপাৰমাৰ্কেটসমূহত জ্যেষ্ঠ লোকসকলৰ বাবে সামগ্ৰী ক্ৰয়ৰ বাবে সুকীয়াকৈ সময় নিৰ্ধাৰণ কৰি দিছে যাতে তেনে লোকসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়। ভাৰততো জনতাৰ কাৰ্ফিউৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ আহ্বানত দেশবাসীয়ে বেলকনিৰ পৰা বাদ্য বাদন আৰু হাততালিৰে অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱা লোকসকলক ধন্যবাদ জনোৱা দেখা গৈছে।
৪। পৰিয়ালৰ সৈতে সময় কটাইছে
বৰ্তমান প্ৰায় প্ৰতিজন লোকেই প্ৰফেশ্যনেল কামত ইমানেই ব্যস্ত হৈ পৰিবলৈ বাধ্য হৈ পৰে যে উইকএণ্ডৰ বন্ধৰ সময়তো শান্তিৰে পৰিয়ালৰ সৈতে সময় কটাব নোৱাৰে। কেৱল ব্যস্ততা আৰু ব্যস্ততা। কিন্তু কৰ’না ভাইৰাছৰ ফলত লকডাউন কৰা হোৱা দেশসমূহত আক্ৰান্ত নোহোৱাকৈ থকা লোকসকলে চিন্তাৰ মাজেৰে সময় কটালেও পৰিয়ালৰ সৈতে কেবাদিনো একেলগে থকাৰ সুযোগ লাভ কৰিছে।
ইটালীত সম্পূৰ্ণৰূপে লকডাউন অব্যাহত আছে। ইয়াৰ ফলত সকলোৱে পৰিয়ালৰ সৈতে সময় কটাইছে আৰু এপাকত বেলকনিলৈ ওলাই সিটো ঘৰত বা সিটো এপাৰ্টমেণ্টত থকাসকলক সাহস দিবলৈ চিঞৰি চিঞৰি কথা পাতিছে নতুবা গান গুণগুণাইছে। আনহাতে এই সময়ছোৱাত বিশ্বৰ প্ৰায়বোৰ দেশতে অধিকাংশ লোকে ইমান দিনে ব্যস্ততাৰ বাবে খবৰ লবলৈ আহৰি নোপোৱা আত্মীয়-স্বজন, পুৰণি বন্ধু আদিৰ সৈতে ভিডিঅ’ কল কৰিও খবৰ লৈছে। এনেদৰেই দূৰে দূৰে থাকিও সকলোৱে কাষ চাপি গৈছে ইজনে-সিজনৰ।
৫। সৃজনীশীলতা বৃদ্ধি
কৰ’নাৰ বাবে ঘৰতে আৱদ্ধ হৈ থকাৰ ফলত বহুতেই এই সময়ছোৱাত নিজকে সৃজনীশীল কামত মনোনিৱেশ কৰা দেখা গৈছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহুতেই কিতাপ পঢ়া, ৰেচিপি, ছবি অঁকা, গান গোৱা আদি সৃজনীশীল কামত ব্যস্ত থকাৰ ফটো আপলোড কৰিছে।
বাশ্বিংটনৰ ডিচি পাব্লিক লাইব্ৰেৰীত ভাৰ্ছুৱেল বুক ক্লাবৰ শুভাৰম্ভ কৰা হৈছে। ইটালীত প্ৰসিদ্ধ ছেইফ মাচ্ছিমো বটুৰাই ইনষ্টাগ্ৰামৰ জৰিয়তে ৰেচিপিৰ বিশেষ ছিৰিজ আৰম্ভ কৰিছে। এই ছিৰিজৰ নাম ৰাখিছে, 'কিচ্ছেন কোৱাৰেণ্টাইন’। ইয়াৰ জৰিয়তে তেওঁ অনুৰাগীসকলক ৰেচিপি আৰম্ভ কৰিবলৈ আহ্বান জনাইছে।
আমেৰিকাৰ টেনিছি ৰাজ্যত আকৌ এগৰাকী ছবিৰ শিক্ষক ঘৰতে থকা কণকণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰম্ভ কৰিছে লাইভ ষ্ট্ৰীমিং আৰ্ট ক্লাছ। অসমতো কেবাগৰাকী লোকে নিজাববীয়াকৈ সৃজনীশীল কামত নিজকে মনোনিৱেশ কৰা দেখা গৈছে।