বোকাজানঃ সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে কৰ'না ভাইৰাছৰ সংক্ৰমণক বাধা দিয়া পদক্ষেপৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা ১৪ ঘণ্টীয়া 'জনতাৰ সান্ধ্য আইন'ৰ প্ৰতি ব্যাপক সঁহাৰি দেখা গৈছে পাহাৰীয়া জিলা কাৰ্বি আংলংৰ ডিফু, মাঞ্জা, বোকাজান, ডিলাই, চিলনীজান, হাওৰাঘাট, বকলীয়াঘাট আদি বিভিন্ন অঞ্চলত। এই অনুযায়ী আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ পালন কৰিবলগীয়া জনতাৰ সান্ধ্য আইনৰ প্ৰতি সকলো শ্ৰেণীৰ ৰাইজে সঁহাৰি জনাই নিজ ঘৰতে পৰিয়ালসহ নিজকে আৱদ্ধ কৰি লোৱাৰ লগতে জিলাখনৰ বিভিন্ন স্থানৰ সকলোধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ, কাৰ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে৷

স্বাভাৱিকভাৱেই বন্ধ হৈ পৰে লঘু তথা গধুৰ সকলো ধৰণৰ যান-বাহনৰ চলাচল। অইন দিনসমূহত নিশালৈকে ব্যাপক যানবাহনৰ চলাচলেৰে মুখৰিত হৈ থকা পাহাৰীয়া জিলাখনত দেওবাৰৰ দিনটোত নাই কোনো ব্যস্ততা। জিলাখনৰ প্ৰতিটো পথ-উপপথ সম্পূৰ্ণৰূপে শান্ত আৰু নীৰৱ হৈ থকাৰ লগতে জিলাখনৰ বিভিন্ন ঠাইৰ পৰাও খবৰ অহা নাই কোনো যান-বাহনৰ চলাচল বা অন্যান্য খবৰ। জিলাখনৰ মূল বাট-পথসমূহৰ লগতে জিলাখনৰ মাজেদি যোৱা ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাও সম্পূৰ্ণৰূপে জনশূন্য হৈ পৰে৷

সমগ্ৰ জিলাখনৰ ব্যৱসায়-প্ৰতিষ্ঠান, অফিচ-আদালত বন্ধ থকাৰ লগতে মানুহৰ সমাগমো সম্পূৰ্ণৰূপে শূন্য হৈ পৰিছে জিলাখনত৷ বোকাজান ৰেল ষ্টেচনতো নাই কোনো ব্যক্তিৰ আহ-যাহ। আনহাতে, আজি পুৱা সুদূৰ চেন্নাইৰ পৰা অহা চেন্নাই এক্সপ্ৰেছযোগে ডিফু ৰে’ল ষ্টেচনত নমা সকলো যাত্ৰীক ষ্টেচনতে কৰ্তব্যৰত হৈ থকা স্বাস্থ্য বিভাগৰ কৰ্মীসকলে স্কেনিঙেৰে স্বাস্থ্য পৰীক্ষা কৰে৷

চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে যাত্ৰীসকলক কিছুদিন ঘৰৰ আন সদস্যসকলৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ কাপোৰ-কানি, বয়-বস্তু আন সদস্যক স্পৰ্শ কৰিবলৈ নিদি এইবোৰ নিজে ধোৱা-পখলা কৰি পৰিস্কাৰ-পৰিচ্ছন্নৰে থাকিবলৈ পৰামৰ্শ দিয়ে৷ উল্লেখ্য যে চেন্নাইৰ পৰা যাত্ৰীসকল মাঞ্জা, লাংহিন আৰু ডিফুৰ বিভিন্ন স্থানত যাব বুলি জানিব পৰা গৈছে৷ এনেদৰেই এতিয়া কৰ'নাৰ কবলৰ পৰা নিজে ৰক্ষা পোৱাৰ লগতে আনকো ৰক্ষা কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি কাৰ্বি আংলংবাসীয়ে পালন কৰিছে দায়িত্ব।