নগাঁওঃ সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টিকাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুযায়ী আজিৰ "জনতা কাৰ্ফিউ"ৰ প্ৰতি ব্যাপক সঁহাৰি জনাইছে নগাঁও জিলাৰ জনতাই৷ নগাঁও চহৰকে ধৰি জিলাখনৰ সৰ্বপ্ৰান্ততে পুৱাৰে পৰা দোকান-পোহাৰ, বজাৰকে ধৰি সকলো অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাজপথত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থকাত সৰ্বত্ৰে নিমাওমাও পৰিবেশে বিৰাজ কৰা দেখা যায়।

জিলাখনৰ গ্ৰামাঞ্চলতো দেখা গ'ল সম্পূৰ্ণ নিমাওমাও পৰিৱেশ। গঞাৰাইজে গোটেই দিনটো ঘৰৰ ভিতৰতে সোমাই থাকি একপ্ৰকাৰ মহামাৰী ৰূপ ধাৰণ কৰা ৰোগবিধক প্ৰতিহত কৰাৰ চেষ্টা চলায়।আনহাতে, সন্ধিয়া পাঁচ বজাৰ লগে লগে শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে সকলোৱে নিজ নিজ বাসগৃহৰ দুৱাৰমুখত সমবেত হৈ ১০-১৫ মিনিট সময় চিকিৎসাকৰ্মীসকলক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে হাত চাপৰি, কাহি-বাতি, তাল, নাগাৰা আদি বজাই এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে।