newsnextone.com | ওদালগুৰিঃ গ্ৰাম্য এলেকাৰ যোগাযোগৰ অন্যতম মাধ্যম হৈছে ডাক সেৱা৷ গ্ৰাম্য এলেকাৰ ডাকসেৱা জীয়াই ৰখা আৰু ৰাইজক সেৱা কৰি অহা ভাৰতীয় ডাক সেৱাক লৈ কিমান সচেতন কেন্দ্ৰীয় চৰকাৰ৷ অসমৰ গ্ৰাম্য এলেকাৰ একংশ ডাক ঘৰ প্ৰত্যক্ষ কৰিলেই অসমৰ ডাকসেৱাৰ প্ৰকৃত স্বৰূপটো ওলাই পৰে৷
ডাক ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰে এটিএম পৰ্যন্ত সংলগ্ন কৰাৰ লগতে সমগ্ৰ ব্যৱস্থাক ডিজিটেল কৰাৰ বাবে বাৰে বাৰে কৈ আহিছে যদিও সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত হয়৷ সমগ্ৰ ভাৰত বৰ্ষৰ যোগাযোগ ব্যৱস্থাক ডিজিটেল কৰাৰ সময়তে জৰাজীৰ্ণ গৃহত গোহালিসদৃশ পৰিৱেশৰ মাজত চলি আছে ওদালগুৰি জিলাখনৰ হৰিশিঙাত৷ হৰিশিঙা উপ-ডাকঘৰ কাৰ্যালয় গোহালি সদৃশ গৃহত চলি থকা পৰিলক্ষিত হয়৷