গুৱাহাটীঃ অবশেষত শিলচৰত অসমীয়া ছাত্ৰৰ শিক্ষা নিষিদ্ধ কৰাৰ হুংকাৰ দিয়া বিজেপি নেতা প্ৰদীপ দত্ত ৰায়ক বিজেপি দলে বহিস্কাৰ কৰিবলৈ বাধ্য হয়। উল্লেকযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে সাম্প্ৰদায়িক মন্তব্যৰে অসমীয়া আৰু বঙালীৰ মাজত বিভাজন সৃষ্টি কৰিব বিছাৰিছিল প্ৰদীপ দত্ত ৰায়ে।
‘দলৰ নীতি আৰু স্থিতিৰ বিৰূদ্ধে অৱস্থান গ্ৰহণ কৰা আৰু দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত’ বিতৰ্কিত নেতাজনক বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পৰা বৰ্খাস্ত কৰা বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্দেশমৰ্মে অসম বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ স্বাক্ষৰিত পত্ৰৰ জৰিয়তে গেৰুৱা দলতোৱে আজি এই নিৰ্দেশ জাৰী কৰে। তৎকালীনভাৱে বলবৎ হোৱাকৈ জাৰি কৰা হৈছে বৰ্খাস্তৰ নিৰ্দেশ৷