কামপুৰঃ বঢ়মপুৰ সমষ্টিক যিদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেইদৰে গুৰুত্ব প্ৰদান কৰা নাই মিত্ৰজোঁট চৰকাৰে। যাৰ ফলত উন্নয়ন স্থবিৰ হৈছে বঢ়মপুৰ সমষ্টিত। পুনৰ এই অভিযোগ উত্থাপন কৰিছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই। 

বঢ়মপুৰ সমষ্টি উন্নয়নত গুৰুত্ব দিবলৈ মিত্ৰজোঁট চৰকাৰৰ বিভাগীয় মন্ত্ৰীসকললৈ অনুৰোধ জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই।

সোমবাৰে কামপুৰৰ তিনিটাকৈ পথৰ আধাৰশিলা স্থাপন কৰি বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই অভিযোগ তোলে যে মিত্ৰজোঁটৰ চৰকাৰখনে বঢ়মপুৰ সমষ্টিৰ উন্নয়নত যিদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেইদৰে গুৰুত্ব দিয়া নাই। যাৰ ফলত সমষ্টিটোৰ উন্নয়ন ক্ৰমাৎ স্থবিৰ হৈ পৰিছে। 

অান্হাতে অতি কম সময়ৰ ভিতৰতে কঠিয়াতলী বামুণী পথৰ ১৪ কিলোমিটাৰ পথ পকীকৰণ হ’ব বুলি মহন্তই সাংবাদিকৰ অাগত প্ৰকাশ কৰে।

আধাৰশিলা স্থাপন কৰি বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই নিজ কামপুৰ পঞ্চায়তত অনুষ্ঠিত হোৱা এখন সভাতো অংশগ্ৰহণ কৰে। সভাত নগাওঁ জিলা অগপৰ সাধাৰণ সম্পাদক নিৰঞ্জন বৰা, কঠিয়াতলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি বহুকেইজন অভিযন্তা উপস্থিত থাকে।