বাৰপূজীয়াঃ অগপ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ পত্ৰ বোমাই ৰাজ্য তোলপাৰ লগাই থকাৰ সময়তে সোমবাৰে পত্ৰ বোমা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাস কৰে ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ সোমাবৰে মৰিগাঁও জিলাৰ বাৰপূজীয়া আঞ্চলিক ক্ৰীড়া সংস্থাৰ কংক্ৰীট গেলাৰী আৰু ফুটবল প্ৰতিযোগিতা উদ্ধোধন কৰিবৰ বাবে হিমন্তই বাৰপূজীয়াত উপস্থিত হয়৷
কংক্ৰীট গেলাৰী আৰু ফুটবল প্ৰতিযোগিতা উদ্ধোধন কৰি মুকলি সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে মুখামুখি হৈ প্ৰফুল্ল মহন্তক উভতি ধৰি যদি কিবা পত্ৰ আছে সেয়া ৰাজহুৱা কৰিব লাগে বুলি কৈ পকেটত লৈ লাভ নাই বুলিও কয়৷ পকেটত পত্ৰ লৈ সাংবাদিকক দিলে আমি কি বুজি পাম৷ সাংবাদিকক সুযোগ দিয়া বাতৰি কাকতক সুযোগ দিয়া তেনে ধৰণৰ প্ৰযোজনীয়তা আজিৰ দিনত আহি পৰা নাই বুলি কয় হিমন্তই৷