কোকৰাঝাৰঃ প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদেৰে অতি চহকী নায়েকগাঁও বনাঞ্চল সম্প্ৰতি চোৰাং বন মাফিয়াৰ কবলত পৰি প্ৰায় ধ্বংসৰ অন্তিম ক্ষণত উপনীত হোৱাৰ সময়তে আজি বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নায়েকগাঁৱত উপস্থিত হৈ আওপকীয়াকৈ বিটিএডি এলেকাত বনাঞ্চল ধ্বংসৰ বাবে বিটিচিৰ বনবিভাগকে জগৰীয়া কৰে । নায়েকগাঁও বনাঞ্চলত উপস্থিত হৈ চোৰাং কাঠ সৰবৰাহকাৰীয়ে কটা শালগছসমূহ পৰিদৰ্শন কৰি বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই নায়েকগাঁও বনাঞ্চল ধ্বংস হৈ যোৱা বুলি উল্লেখ কৰে।
ইয়াৰোপৰি স্বয়ং বনমন্ত্ৰীগৰাকীয়ে কেৱল নায়েকগাঁৱেই নহয় ভাৰত-ভূটান সীমান্তৰ শ বছৰীয়া মূল্যৱান গছসমূহো চোৰাং কাৰবাৰীয়ে কাটি লৈ যোৱা বুলি উল্লেখ কৰি এইক্ষেত্ৰত তেওঁ নিজেই চোৰাং কাঠ ভৰ্তি ট্ৰাক ধৰিছিল বুলি উল্লেখ কৰে। নায়েকগাঁৱতো চোৰাং কাঠভৰ্তি টেক্টৰ জব্দ কৰাৰ কথা সদৰি কৰি বনমন্ত্ৰীয়ে সাংবাদিকৰ এক প্ৰশ্নত্তোৰত বনাঞ্চল ৰখাৰ ক্ষেত্ৰত বিটিচিৰ বনবিভাগ ব্যৰ্থ হৈছে নেকি সেয়া ৰাইজেই ক’ব বুলি মন্তব্য কৰে।